ETV Bharat / state

মৰাণত বাছা বৰাৰ 'কচুগুটি উপাখ্যান' উন্মোচন

author img

By

Published : Mar 6, 2021, 10:36 PM IST

মৰাণত সাংবাদিক বাছা বৰাৰ শিশু উপন্যাস 'কচুগুটি উপাখ্যান' উন্মোচন ৷ ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শশীকান্ত শইকীয়াই গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৷ মৰাণ মহকুমা সাংবাদিক মঞ্চৰ উদ্যোগত এই গ্ৰন্থ উন্মোচনী সভাখন অনুষ্ঠিত হয় ৷

মৰাণত বাছা বৰাৰ 'কচুগুটি উপাখ্যান' উন্মোচন
মৰাণত বাছা বৰাৰ 'কচুগুটি উপাখ্যান' উন্মোচন

মৰাণ, 6 মাৰ্চ: শনিবাৰে মৰাণৰ মন্দাকিনী হোটেলৰ সভাকক্ষত মৰাণৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক বাছা বৰাৰ হাস্য- ৰসাত্মক শিশু উপন্যাস 'কচুগুটি উপাখ্যান' উন্মোচন কৰা হয় ৷ বিশিষ্ট সাহিত্যিক তথা ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শশীকান্ত শইকীয়াই গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৷

গ্ৰন্থখনি উন্মোচন কৰি শইকীয়াই কয় যে,"বৰ্তমান যান্ত্ৰিক যুগত মানুহে হাঁহিবলৈ পাহৰাৰ দৰে হৈছে। সকলোৱে নিজক লৈয়ে ব্যস্ত। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাকে মুখ্য কৰি সেই সময়ত একাংশ সাহিত্যিকে পাঠকক হাঁহিৰ খোৰাক যোগাইছিল যদিও লাহে লাহে তেনে হাঁহিৰ খোৰাক দিব পৰা সাহিত্যিকৰ সংখ্যা নগণ্য বুলি ক'ব পাৰি। চিকিৎসক সকলৰ মতে হাঁহিব পৰাতো স্বাস্থ্যৰ কাৰণেও মংগল"। " শইকীয়াই লগতে কয় যে, সময়ৰ সদব্যৱহাৰ কৰাতো মানুহৰ কৰ্তব্য হ'ব লাগে, কাৰণ পাৰ হৈ যোৱা সময়খিনি আমি কেতিয়াও নাপাঁও ৷

মৰাণ মহকুমা সাংবাদিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা সভা খনৰ আঁত ধৰে মঞ্চৰ সম্পাদক যদুনাথ পুৰীয়ে । সভাত বাছা বৰাৰ সাহিত্যি সৃষ্টি আৰু কৰ্মময় জীৱনৰ ওপৰত বিশিষ্ট সাহিত্যিক ড৹ লোহিত কুমাৰ বৰা, বিশিষ্ট সাংবাদিক শোভিত কুমাৰ ছেত্ৰী, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভানেত্ৰী জুলিয়ানা বেগম, মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা জয়শ্ৰী ফুকন আৰু সাংবাদিক মঞ্চৰ সভাপতি অজিত চুতীয়াই ভাষণ প্ৰদান কৰে । বাছা বৰাই আদৰণি ভাষণ আগবঢ়োৱা সভাখনত মৰাণ অঞ্চলৰ বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক: চাবুৱাৰ অগপ প্ৰাৰ্থী পোনাকণ বৰুৱাক ৰাইজৰ উষ্ম আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.