ETV Bharat / state

Pranjal Moran Missing case: প্ৰাঞ্জল মৰাণৰ সন্ধানৰ দাবীত জুৰী বৰা বৰগোহাঞিৰ একক প্ৰতিবাদ

author img

By

Published : Mar 31, 2023, 10:07 PM IST

প্ৰাঞ্জল মৰাণৰ সন্ধান বিচাৰি দিক বিদিক হেৰুৱাইছে পত্নী উৰ্বশী মৰাণে ৷ ডিব্ৰুগড়ৰ চৌকিডিঙীত দুৰ্ভগীয়া পৰিয়ালটোৰ ন্যায়ৰ দাবীত উপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে একক প্ৰতিবাদ সাব্যস্ত কৰে (Juri Borah Borgohain protest)

Juri Borah Borgohain protest in Dibrugarh
প্ৰাঞ্জল মৰাণৰ সন্ধানৰ দাবীত জুৰী বৰা বৰগোহাঞিৰ একক প্ৰতিবাদ
জুৰী বৰা বৰগোহাঞিৰ একক প্ৰতিবাদ

মৰাণ, 31 মাৰ্চ: ক’ত আছে প্ৰাঞ্জল মৰাণ(Laborer missing in Ledu coal mine) ? আজি ডেৰমাহে ধৰি প্ৰাঞ্জলৰ অপেক্ষাত চকুলো টুকিছে পত্নী আৰু সন্তানে ৷ কিন্তু এতিয়াও যেন চকু মুদা কুলিৰ ভাও ধৰিছে ৰজাঘৰীয়াই (Pranjal Moran Missing case) ৷

যোৱা 2023 চনৰ ১২ জানুৱাৰীৰ পৰা লিডু কয়লা খনিত নিৰুদ্দিষ্ট হৈ থকা শ্ৰমিক প্ৰাঞ্জল মৰাণৰ সন্ধান বিচাৰি পত্নী উৰ্বশী মৰাণে তিনি বছৰীয়া সন্তানক বুকুত সাৱটি প্ৰশাসনৰ পদূলিয়ে পদূলিয়ে ঘূৰি ফুৰিছে ।

শুকুৰবাৰে দুৰ্ভগীয়া পৰিয়ালটোৰ ন্যায়ৰ দাবীত ডিব্ৰুগড়ৰ চৌকিডিঙীত উপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে একক প্ৰতিবাদ সাব্যস্ত কৰে (Juri Borah Borgohain protest) ৷ নিৰুদ্দেশ হোৱা প্ৰাঞ্জল মৰাণৰ প্ৰতিচ্ছবি হাতত লৈ প্ৰতিবাদ সাব্যস্ত কৰা সমাজকৰ্মী তথা উপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে কয় যে, সমগ্ৰ ঘটনাক উচ্চ পৰ্যায়ৰ তদন্ত কৰক ৷ দুখৰ কথা এইটো যে তিনিচুকীয়া আৰক্ষীয়ে প্ৰাঞ্জল মৰাণৰ সন্ধান দিয়াৰ সলনি অৰুণোদয় আঁচনিৰ অধীনত সাঙুৰি লৈ যি সান্তনা দিব বিচাৰিছে সেয়া লজ্জাজনক ৷ সকলো মানুহে সম মৰ্যাদা লাভ কৰক ৷ প্ৰাঞ্জল মৰাণৰ সন্ধান দিয়ক ৷ যদি ঘূৰাই আনিব নোৱাৰে তেনেহ’লে উচিত তদন্ত প্ৰদান কৰি পৰিয়ালটোক ন্যায় প্ৰদান কৰক ৷

তিনিচুকীয়া জিলাৰ 122 নং তিনিচুকীয়া বিধানসভা সমষ্টিৰ শুকানী গাঁৱৰ বাসিন্দা প্ৰাঞ্জল মৰাণে লিডুত কয়লা শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল ৷ তাৰ পিচৰে পৰাই প্ৰায় তিনিমাহ ধৰি নিখোজ হৈ আছে প্ৰাঞ্জল ৷ চলিত বৰ্ষৰ 2 ফেব্ৰুৱাৰীত লক্ষীপথাৰৰ নিবাসী হীৰেন গগৈ নামৰ ব্যক্তিজনে উৰ্বশী মৰাণৰ স্বামী প্ৰাঞ্জল মৰাণ কৰ্মস্থলীতে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা বুলি কৈ লগতে তেওঁৰ মৃত শৰীৰটো উদ্ধাৰ কৰিব নোৱাৰিব বুলি পৰিয়ালক অৱগত কৰিছিল (Coal mining worker death in Ledo)। তাৰোপৰি তেওঁৰ মৃত্যুৰ বাবদ পৰিয়ালটোক 5 লাখ টকা দিবলৈ আহিছিল লোকজনে । কিন্তু পত্নীয়ে সেই ধন নালাগে, মোক মোৰ স্বামী ঘূৰাই লাগে বুলি কৈ তেওঁলোকক উভতাই পঠিয়াইছিল ।

এই ঘটনাৰ পাচতেই যোৱা 3 ফেব্ৰুৱাৰীত লাংকাচি থানাত স্বামী নিখোজ হোৱা সন্দৰ্ভত গোচৰ দিবলৈ পত্নী উৰ্বশী মৰাণ যায় যদিও লাংকাচি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এজাহাৰখন গ্ৰহণ নকৰি লিডু থানাত গোচৰ দিবলৈ কয় । ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ কথামতে পত্নীয়ে পিচদিনা অৰ্থাৎ 4 ফেব্ৰুৱাৰীত লিডু থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে ।

কিন্তু লিডু আৰক্ষীয়ে পত্নীৰ এজাহাৰখন 6 ফেব্ৰুৱাৰীতহে পঞ্জীয়ন কৰে । তাৰ পাচতে অসহায় পত্নীয়ে যোৱা মঙলবাৰে কণমানি সন্তানটিক লৈ আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰিবলৈ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় । ইয়াৰ পাছতেই লিডুৰ কয়লাখনিত ৰহস্যজনকভাৱে নিখোজ হোৱা প্ৰাঞ্জল মৰাণ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছিল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (Pranjal Moran disappearance) ।

লগতে পঢ়ক: NHAI Toll Tax : পহিলা এপ্ৰিলৰ পৰা টোল কৰৰ মাধমাৰ ৰাজ্যবাসীৰ ওপৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.