ETV Bharat / state

Attack on Junior Doctor in Dibrugarh: কনিষ্ঠ চিকিৎসকক নিজ ঘৰতেই হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ - চিকিৎসকক নিজ গৃহতে হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ

ডিব্ৰুগড়ত চাঞ্চল্য ৷ চিকিৎসকক নিজ গৃহতে হত্যাৰ প্ৰচেষ্টা দুৰ্বৃত্তৰ ৷ আৰক্ষীয়ে পদক্ষেপ নোলোৱাৰ অভিযোগ ভুক্তভোগীৰ মাতৃৰ (Junior doctor attacked by miscreants) ৷

Junior doctor attacked by miscreants
কনিষ্ঠ চিকিৎসকক হত্যাৰ চেষ্টা
author img

By

Published : Feb 21, 2023, 2:23 PM IST

Updated : Feb 21, 2023, 7:34 PM IST

কনিষ্ঠ চিকিৎসকক নিজ ঘৰতেই হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ

ডিব্ৰুগড়, 21 ফেব্ৰুৱাৰী : ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিদিনে সংঘটিত হ’বলৈ ধৰিছে চুৰি-ডকাইতি, ধৰ্ষণ, হত্যাৰ দৰে ঘটনা ৷ এইবাৰ ডিব্ৰুগড়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী কনিষ্ঠ চিকিৎসকক হত্যাৰ চেষ্টা কৰাৰ খবৰে সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে ডিব্ৰুগড় চহৰত (Junior Doctor Attempt to murder ) ৷

ডিব্ৰুগড়ৰ এগৰাকী কনিষ্ঠ চিকিৎসকক নিজ বাসগৃহৰ সমুখতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি হত্যাৰ প্ৰচেষ্টা চলোৱাৰ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত (Junior doctor attacked by miscreants)। শনিবাৰে চহৰখনৰ বৈৰাগীমঠত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো । চিকিৎসকগৰাকীৰ নাম ডাঃ গীতাৰ্থ শইকীয়া ৷ ডাঃ গীতাৰ্থ শইকীয়াৰ নিজ বাসগৃহৰ চোতালতে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ লগতে অচেতন অৱস্থাতো গুৰুলা গুৰুলকৈ আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলায় বুলি চিকিৎসকজনৰ অভিভাৱকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ চিকিৎসকগৰাকীক মাৰধৰ কৰি মুমুৰ্ষ অৱস্থাত পেলাই থৈ যায় দুই দুৰ্বৃত্তই ।

ইয়াৰ পিছতে স্থানীয় আৰক্ষী চকীত ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰা হয় ৷ কিন্তু অভিযোগ দাখিলৰ পিছতো কোনো বিহিত ব্যৱস্থা আৰক্ষীয়ে গ্ৰহণ কৰা নাই বুলি অভিযোগ তোলে চিকিৎসকগৰাকীৰ পৰিয়ালবৰ্গই ৷ ইয়াৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চলটোত । ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ কিৰণ শইকীয়া আৰু ৰুমা শইকীয়াৰ চিকিৎসক পুত্ৰ ডাঃ গীতাৰ্থ শইকীয়াক নিজ বাসগৃহৰ চোতালতে দুই যুৱকে শনিবাৰৰ সন্ধিয়া হত্যাৰ চেষ্টা কৰে (Attack on Junior Doctor in Dibrugarh) ।

পিতৃ-মাতৃৰ অভিযোগ অনুসৰি দেৱৰাজ বৰগোঁহাই নামৰ এজন যুৱকে আন এজন সতীৰ্থসহ ডাঃ গীতাৰ্থ শইকীয়াৰ ঘৰত আহি হত্যাৰ চেষ্টাৰে উপৰ্যুপৰি আক্ৰমণ কৰে । ফলত ডাঃ শইকীয়াৰ এখন কাণ চিঙি যোৱাৰ উপৰিও মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ইয়াৰোপৰি, দেহৰ বিভিন্ন স্থানত আঘাত পোৱাত ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হয় কনিষ্ঠ চিকিৎসকজনক । উল্লেখ্য যে, ডাঃ গীতাৰ্থ শইকীয়াই মাজুলীত চিকিৎসক হিচাপে ইণ্টাৰ্ণশ্বিপ কৰি আছিল আৰু মাজুলীৰ পৰা নিজ গৃহত উপস্থিত হোৱাৰ দিনাই দেৱৰাজ বৰগোঁহাইসহ আন এজন যুৱকে ঘৰৰ সমূুখলৈ ডাঃ গীতাৰ্থক বিচাৰি আহে ।

দেৱৰাজক দেউতাক কিৰণ শইকীয়াই ঘৰৰ ভিতৰলৈ আহিবলৈ কোৱাত গীতাৰ্থকহে বাহিৰলৈ ওলায় আহিবলৈ কয় বুলি পিতৃয়ে জানিবলৈ দিয়ে । চিকিৎসক গীতাৰ্থ শইকীয়া ঘৰৰ বাহিৰলৈ ওলায় অহাত বিশেষ কোনো প্ৰশ্নৰ সন্মুখীন নোহোৱাকৈয়ে চোতালতে আক্ৰমণ কৰি হত্যাৰ প্ৰচেষ্টা চলায় বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে পিতৃয়ে ।

আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক গোচৰ দিছে যদিও আৰক্ষীয়ে এই পৰ্যন্ত অভিযুক্ত যুৱকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক : Protest for inclusion of non bodo villages : ২৫ খনকৈ অবড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্তিৰ বিৰুদ্ধে গহপুৰত প্ৰতিবাদ

Last Updated : Feb 21, 2023, 7:34 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.