মৰাণ, 14 ছেপ্টেম্বৰ : ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বৰ্তমান পৰ্যন্ত ৰাজ্যত আক্ৰান্তৰ সংখ্যা 1,41,763 লৈ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃত্যুৰ সংখ্যা 469 জনলৈ বৃদ্ধি পাইছে ৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ সমান্তৰালভাৱে ডিব্ৰুগড় জিলাতো প্ৰতিদিনেই বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ।
সোমবাৰে মৰাণত প্ৰথমজন সংবাদকৰ্মীৰ দেহত ক'ভিড-19 পজিটিভ ধৰা পৰে । মৰাণ প্ৰেছ ক্লাৱৰ কোষাধ্যক্ষ তথা নিউজ লাইভৰ সাংবাদিক অমিত চৌধুৰীৰ দেহত ধৰা পৰে ক'ভিড-19 পজিটিভ । উল্লেখ্য যে বিগত কেইবাদিন ধৰি জ্বৰ,মূৰৰ বিষত ভুগি থকাৰ পাছতেই দেওবাৰে নিশা জ্বৰ উঠাত সোমবাৰে মৰাণ আদৰ্শ বিদ্যালয়ৰ ৰেপিড টেষ্টিং চেণ্টাৰত ক'ভিড টেষ্ট কৰোৱাত সাংবাদিকজনৰ দেহত ধৰা পৰে ক'ভিড-19 পজিটিভ । জানিব পৰা মতে,বৰ্তমান সাংবাদিকজন নিজা বাসগৃহতেই হোম আইছ'লেছনত আছে।