মৰাণ, ১০ ফেব্ৰুৱাৰী: ২০২১ ৰ নিৰ্বাচনৰ পূৰ্বে আত্মপ্ৰকাশ ঘটে অসমৰ দুটাকৈ নতুন আঞ্চলিক ৰাজনৈতিক দল 'অসম জাতীয় পৰিষদ' আৰু 'ৰাইজৰ দল'ৰ । শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ দলৰ সমান্তৰালকৈ দুয়োটা আঞ্চলিক ৰাজনৈতিক দলেও ইতিমধ্যে ৰাজ্য়জুৰি নিৰ্বাচনী প্ৰচাৰ চলাই যোৱা পৰিলক্ষিত হৈছে ।
বুধবাৰে ডিব্ৰুগড়ৰ মৰাণ সমষ্টিৰ বগীবিল পঞ্চায়তৰ অধীনত 'ৰাইজৰ দলে' এক যোগদান কাৰ্যসূচীৰ আয়োজন কৰে । এই অনুষ্ঠানতে বগীবিল পঞ্চায়তৰ বহুসংখ্যক বিজেপি আৰু কংগ্ৰেছৰ কৰ্মকৰ্তাৰ লগতে শতাধিক স্থানীয় লোকে 'ৰাইজৰ দল'ত যোগদান কৰে । এই অনুষ্ঠানত ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যনিবাহক মোহিনী মোহন লিগিৰা ,দীপক শইকীয়াকে ধৰি কেইবাগৰাকী জিলা আৰু সমষ্টি পৰ্যায়ৰ বিষয়ববীয়া উপস্থিত থাকে ।
লগতে পঢ়ক:লক্ষ্য নিৰ্বাচন: অমিত শ্বাহ বৈঠকত মিলিত হ’ব কোচ ৰাজবংশৰ উত্তৰাধিকাৰীৰ সৈতে