ETV Bharat / state

মুখ্যমন্ত্ৰীৰ গৃহ জিলাত জিঅ' বেগ কেলেংকাৰীৰ অভিযোগ - jio bag corruption at rahmoria

খহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰে ৰূপায়ণ কৰা জিঅ’ বেগ আঁচনিত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে ৰহমৰীয়াৰ গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চই । একাংশ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ প্ৰতিষ্ঠানক নিয়োজিত কৰি বিভাগীয় কৰ্তৃপক্ষই হাত সাৱটি বহি থকাৰ বাবেই খহনীয়া প্ৰতিৰোধৰ নামত ফটা জিঅ’ বেগ ব্যৱহাৰ কৰা হৈছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।

মুখ্যমন্ত্ৰীৰ গৃহ জিলাত জিঅ' বেগ কেলেংকাৰীৰ অভিযোগ

author img

By

Published : Mar 17, 2021, 8:25 PM IST

মৰাণ,১৭ মাৰ্চ: ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াৰ খহনীয়া সমস্যাক লৈ ল’ৰা-ধেমালী কৰিছে ৰাজ্য চৰকাৰে । এই অভিযোগ ৰহমৰীয়াৰ গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ । খহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰে ৰূপায়ণ কৰা জিঅ’ বেগ আঁচনিত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে মঞ্চই ।

খহনীয়া প্ৰতিৰোধৰ বাবে ফটা জিঅ’ বেগ ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে সংগঠনটোৱে । সংবাদ মাধ্যমৰ আগত ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ সভাপতি জিতুল দত্তই অভিযোগ কৰা মতে, বিভাগীয় কৰ্তৃপক্ষই ৰহমৰীয়া খহনীয়া প্ৰতিৰোধ ব্যৱস্থাক আওকাণ কৰি আহিছে । একাংশ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ প্ৰতিষ্ঠানক নিয়োজিত কৰি বিভাগীয় কৰ্তৃপক্ষই হাত সাৱটি বহি থকাৰ বাবেই খহনীয়া প্ৰতিৰোধৰ নামত ফটা জিঅ’ বেগ ব্যৱহাৰ কৰা হৈছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।

মুখ্যমন্ত্ৰীৰ গৃহ জিলাত জিঅ' বেগ কেলেংকাৰী

আনহাতে নিৰ্বাচনৰ অজুহাত দি মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভাগীয় বিষয়া-অভিযন্ত্ৰাসকলে খহনীয়া প্ৰতিৰোধ ব্যৱস্থাটোক কোনো ধৰণৰ গুৰুত্ব নিদিয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছে । আনহাতে ৰহমৰীয়া খহনীয়া প্ৰতিৰোধৰ বাবে উন্নত মানৰ জিঅ’ বেগৰ ব্যৱস্থা নকৰিলে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি হুংকাৰ দিয়ে গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চই ।

লগতে পঢ়ক: জিতু গোস্বামীৰ হৈ বঢ়মপুৰত প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.