ডিব্ৰুগড়,9 জুলাইঃ জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে ৰাজ্যৰ স্বাস্থ্য বিভাগে আৰম্ভ কৰা বিশেষ অভিযানৰ পিছতো এতিয়াও কিন্তু এশ শতাংশ সুলভ হোৱা নাই চৰকাৰী সুবিধা । চৰকাৰী ঘোষণাৰ পিছত বৰ্তমানো অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা এনকেফেলাইটিছ ৰোগীয়ে বাহিৰৰ পৰা ক্ৰয় কৰিছে প্ৰয়োজনীয় ঔষধ । এই ৰোগৰ বাবে প্ৰয়োজনীয় DOXFIC নামৰ বেজী মজুত নাই অসম চিকিৎসা মহাবিদ্যালয়ত । উল্লেখ্য যে, এই বেজী নিতৌ দুটাকৈ দিব লাগে আক্ৰান্ত ৰোগীক । ইপিনে অসম চিকিৎসা মহাবিদ্যালয়ত এই বেজী মজুত নথকাৰ বাবে বাহিৰৰ পৰা ক্ৰয় কৰিবলগীয়া হৈছে ৰোগীৰ আত্মীয়ই । মঙলবাৰে জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জাপানীজ এনকেফেলাইটিছ ৰোগ আৰু শেহতীয়াকৈ চৰকাৰে এই ৰোগৰ সন্দৰ্ভত লোৱা বিশেষ আঁচনিৰ সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰি স্বাস্থ্য বিভাগৰ জিলা সমন্বয়কে নিজ মুখে স্বীকাৰ কৰিলে এই ঔষধবিধৰ নাটনিৰ কথা । আনহাতে জাপানীজ এনকেফেলাইটিছৰ সদৃশ ৰোগ 189 আক্ৰান্ত হোৱাৰ বিপৰীতে 20 গৰাকী জাপানীছ এনকেফেলাইটিছ পজিটিভ আৰু ইয়াৰে 5 গৰাকী জাপানীজ এনকেফেলাইটিছত আৰু 9 গৰাকী সদৃশ ৰোগত মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে । ইয়াৰ মাজতে এই ৰোগৰ বাবে প্ৰয়োজনীয় ঔষধ সম্পূৰ্ণ ৰূপে মজুত নথকাৰ কথা স্বীকাৰ কৰে স্বাস্থ্য বিভাগৰ জিলা সমন্বয়ক ডঃ নৱজ্যোতি গগৈয়ে ।
জাপানীজ এনকেফেলাইটিছ : ঔষধ যোগানত ব্যৰ্থ স্বাস্থ্য বিভাগ - AES_medicine
ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্ৰীৰ ঘোষণাৰ বিপৰীত ছবি । মন্ত্ৰীৰ ঘোষণাৰ পাছতো ৰোগীয়ে দৈনিক ক্ৰয় কৰিবলগীয়া হৈছে ঔষধ । এনকেফেলাইটিছৰ বাবে প্ৰয়োজনীয় জৰুৰী ঔষধৰ নাতনি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ।
ডিব্ৰুগড়,9 জুলাইঃ জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে ৰাজ্যৰ স্বাস্থ্য বিভাগে আৰম্ভ কৰা বিশেষ অভিযানৰ পিছতো এতিয়াও কিন্তু এশ শতাংশ সুলভ হোৱা নাই চৰকাৰী সুবিধা । চৰকাৰী ঘোষণাৰ পিছত বৰ্তমানো অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা এনকেফেলাইটিছ ৰোগীয়ে বাহিৰৰ পৰা ক্ৰয় কৰিছে প্ৰয়োজনীয় ঔষধ । এই ৰোগৰ বাবে প্ৰয়োজনীয় DOXFIC নামৰ বেজী মজুত নাই অসম চিকিৎসা মহাবিদ্যালয়ত । উল্লেখ্য যে, এই বেজী নিতৌ দুটাকৈ দিব লাগে আক্ৰান্ত ৰোগীক । ইপিনে অসম চিকিৎসা মহাবিদ্যালয়ত এই বেজী মজুত নথকাৰ বাবে বাহিৰৰ পৰা ক্ৰয় কৰিবলগীয়া হৈছে ৰোগীৰ আত্মীয়ই । মঙলবাৰে জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জাপানীজ এনকেফেলাইটিছ ৰোগ আৰু শেহতীয়াকৈ চৰকাৰে এই ৰোগৰ সন্দৰ্ভত লোৱা বিশেষ আঁচনিৰ সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰি স্বাস্থ্য বিভাগৰ জিলা সমন্বয়কে নিজ মুখে স্বীকাৰ কৰিলে এই ঔষধবিধৰ নাটনিৰ কথা । আনহাতে জাপানীজ এনকেফেলাইটিছৰ সদৃশ ৰোগ 189 আক্ৰান্ত হোৱাৰ বিপৰীতে 20 গৰাকী জাপানীছ এনকেফেলাইটিছ পজিটিভ আৰু ইয়াৰে 5 গৰাকী জাপানীজ এনকেফেলাইটিছত আৰু 9 গৰাকী সদৃশ ৰোগত মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে । ইয়াৰ মাজতে এই ৰোগৰ বাবে প্ৰয়োজনীয় ঔষধ সম্পূৰ্ণ ৰূপে মজুত নথকাৰ কথা স্বীকাৰ কৰে স্বাস্থ্য বিভাগৰ জিলা সমন্বয়ক ডঃ নৱজ্যোতি গগৈয়ে ।
Byte ডঃ নৱজ্যোতি গগৈ
ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদConclusion:ঐ