ETV Bharat / state

ডিব্ৰুগড় অনাতাঁ‌ৰ কেন্দ্ৰ জীয়াই ৰখাৰ দায়িত্ব চৰকাৰৰ বুলি মন্তব্য লুৰীণজ্যোতি গগৈৰ

author img

By

Published : Dec 6, 2020, 6:14 PM IST

Updated : Aug 23, 2022, 2:39 PM IST

"ডিব্ৰুগড় অনাতাঁ‌ৰ কেন্দ্ৰ জীয়াই ৰখাৰ দায়িত্ব চৰকাৰৰ", খোৱাঙত এই মন্তব্য কৰিলে লুৰীণজ্যোতি গগৈয়ে ৷ ডিব্ৰুগড় অনাতাঁ‌ৰ কেন্দ্ৰটো বন্ধ কৰিবলৈ লোৱাটো অসম বিৰোধী তথা সমাজ বিৰোধী সিদ্ধান্ত বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ ।

responsibility-of-the-government-to-keep-the-dibrugarh-orphanage-alive-lurin-jyoti-gogoi
"ডিব্ৰুগড় অনাতাঁ‌ৰ কেন্দ্ৰ জীয়াই ৰখাৰ দায়িত্ব চৰকাৰৰ" : লুৰীণজ্যোতি গগৈ

ডিব্ৰুগড়, 6 ডিচেম্বৰ: প্ৰসাৰ ভাৰতীয়ে ডিব্ৰুগড় অনাতাঁ‌ৰ কেন্দ্ৰক(All India Radio Dibrugarh) কেৱল ৰীলে কেন্দ্ৰ হিচাপে বাহাল ৰাখি নিজা প্ৰচাৰ কাৰ্যসূচী সীমিতকৰণ কৰিবলৈ লোৱা পদক্ষেপক বিৰোধীতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য বিদায়ী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে (Ex AASU leader Lurinjyoti Gogoi)।

শনিবাৰে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা এক বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰ আগত সদ্য বিদায়ী সাধাৰণ সম্পাদকজনে কয় যে, অনাতাঁ‌ৰ কেন্দ্ৰ বা দূৰদৰ্শন কেন্দ্ৰ ৰাইজ, নৱপ্ৰজন্ম আৰু ছাত্ৰ-ছাত্ৰীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান । ডিব্ৰুগড় অনাতাঁ‌ৰ কেন্দ্ৰটো বন্ধ কৰিবলৈ লোৱাটো অসম বিৰোধী আৰু সমাজ বিৰোধী এটা সিদ্ধান্ত । ইয়াক জীয়াই ৰখাৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰৰ বুলি মন্তব্য কৰে প্ৰাক্তন আছু নেতাজনে ।

তেওঁ লগতে কয়, ডিব্ৰুগড় অনাতাঁ‌ৰ কেন্দ্ৰই সাধাৰণ ৰাইজৰ লগতে কৃষক সকলক জ্ঞানৰ পোহৰ দিছিল । সকলোৰে চাহিদা পূৰণৰ এটা কেন্দ্ৰ আছিল ডিব্ৰুগড় অনাতাঁ‌ৰ কেন্দ্ৰ । সেয়ে চৰকাৰক এই জনবিৰোধী কাৰ্যৰ পৰা আঁ‌তৰত থাকিবলৈ কোৱাৰ লগতে অনাতাঁ‌ৰ কেন্দ্ৰটো সৰ্বাংগ সুন্দৰ ৰূপে গঢ়ি তুলিব লাগিব বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: বন্ধ হোৱাৰ দিশে আকাশবাণী ডিব্ৰুগড় : প্ৰতিবাদত নামিল কৰ্মচাৰী

Last Updated : Aug 23, 2022, 2:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.