ETV Bharat / state

চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা ডাঃ অজন্তা হাজৰিকাৰ স্বামীক আটক - ৰে'লৱেত চাকৰি দিয়াৰ নামত

চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ অজন্তা হাজৰিকাৰ বাসগৃহত তালাচী ৷ স্বামীক সোধ-পোচৰ বাবে পুৱাই আটক কৰে আৰক্ষীয়ে ৷

চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা ডাঃ অজন্তা হাজৰিকাৰ স্বামীক আটক

author img

By

Published : Dec 11, 2020, 8:09 PM IST

মৰাণ,11ডিচেম্বৰ : ৰে'লৱেত চাকৰি দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি নিবনুৱাৰ মূৰত মাধমাৰ মৰা বুলি অভিযোগ উত্থাপন হোৱা অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ অজন্তা হাজৰিকা বৰ্তমানেও পলাতক । শুকুৰবাৰে ডিব্ৰুগড় নালিয়াপুলৰ ভদ্ৰেশ্বৰ দাস পথত থকা ডাক্তৰ অজন্তা হাজৰিকাৰ বাসগৃহত তালাচী চলাই আৰক্ষীয়ে । ডিব্ৰুগড় আৰক্ষীৰ এটা দলে ডাক্তৰ অজন্তা হাজৰিকাৰ বাসগৃহত তালাচী চলাই কি কি তথ্য লাভ কৰিছে সেই বিষয়ে বিতংকৈ কোৱাৰ পৰা বিৰত আছে আৰক্ষী ।

চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা ডাঃ অজন্তা হাজৰিকাৰ স্বামীক আটক

ইপিনে আৰক্ষীৰ দলটোৱে শুকুৰবাৰে পুৱাই বিতৰ্কিত চিকিৎসক ডাঃ অজন্তা হাজৰিকাৰ সন্দৰ্ভত সোধ-পোচৰ বাবে বাসগৃহৰ পৰাই আটক কৰিছে তেওঁৰ স্বামী সীমান্ত শইকীয়াক । আটক কৰাৰ সময়তে সীমান্ত শইকীয়াক ডাক্তৰ অজন্তা হাজৰিকাৰ সন্দৰ্ভত সোধাত "মই একো নেজানো" বুলি মন্তব্য কৰিছে ।

উল্লেখযোগ্য যে, একাংশ শিক্ষিত নিবনুৱা যুৱকৰ পৰা ৰে'লৱেত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন কৰি যোৱা ৬ ডিচেম্বৰত ডিব্ৰুগড থানাত ৰুজু কৰা গোচৰ নম্বৰ ২১৫০/২০২০ ৰ অধীনতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়কঃ নিৰ্বাচনক কেন্দ্ৰ কৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.