মৰাণ, ৮ এপ্ৰিল: সমগ্ৰ দেশৰ লগতে অসমতো COVID-১৯ মহামাৰীৰ সংক্ৰমণে ভয়াৱহ বিপদৰ আগজাননী দিছে । বিগত বৰ্ষতো মহামাৰীৰ সংক্ৰমণৰ আৰম্ভণিৰ সময়ত অসাৱধনতাৰ বাবে অভাৱনীয়ভাৱে বৃদ্ধি হৈছিল আক্ৰান্তৰ সংখ্যা ।
পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে দেশজুৰি লকডাউন ঘোষণা কৰিবলগীয়া হৈছিল । এইবাৰো বিধানসভা নিৰ্বাচনৰ কিছুদিন পূৰ্বৰে পৰা ক্ৰমান্বয়ে ৰাজ্যত বাঢ়িছে আক্ৰান্তৰ সংখ্যা । আনহাতে, মহামাৰীৰে যুঁজিবলৈ জিলাবোৰত পূৰ্ণগতিত চলিছে টীকাকৰণ প্ৰক্ৰিয়া ।
ডিব্ৰুগড়তো স্বাস্থ্য বিভাগে টীকাকৰণ অভিযান অব্যাহত আছে । জিলাখনত প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । ৰঙালী বিহুৰ প্ৰাক ক্ষণত এনেদৰে মহামাৰীৰ সংক্ৰমণ বৃদ্ধিয়ে চিন্তাৰ উদ্বেক কৰিছে ।
LOCATION & ASTON:ডিব্ৰুগড়(LOCATION)
লগতে পঢ়ক:তিনিচুকীয়াৰ থাৰ্মেলত অগ্নিদগ্ধ এজন কৰ্মচাৰী