ETV Bharat / state

Methanol export process started in Assam: আজিৰে পৰা ভূটান, নেপাল আৰু বাংলাদেশলৈ ৰপ্তানি হ’ব মিথানল - CM in Dibrugarh

ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ ৷ আজিৰে পৰা আৰম্ভ হ’ব ভূটান, নেপাল আৰু বাংলাদেশলৈ মিথানল ৰপ্তানি প্ৰক্ৰিয়াৰ ৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আধাৰশিলা স্থাপন কৰিছিল পেট্ৰ’কেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্ৰকল্পটোৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিব প্ৰকল্পটো ৷

Methanol export process  in Assam
আজিৰে পৰা আৰম্ভ হ’ব মিথানল ৰপ্তানি প্ৰক্ৰিয়াৰ
author img

By

Published : Jul 1, 2023, 1:23 PM IST

ডিব্ৰুগড়, 1 জুলাই : আজি মুখ্যমন্ত্ৰীয়ে নামৰূপত ভূটান, নেপাল আৰু বাংলাদেশলৈ মিথানল ৰপ্তানি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিব ৷ উল্লেখ্য যে, বিগত 14 এপ্ৰিলৰ দিনা সৰুসজাই ষ্টেডিয়ামৰ পৰা ভাৰ্চুৱেল পদ্ধতিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমবাসীৰ বাবে উদ্বোধন কৰিছিল পেট্ৰ’কেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্ৰকল্পটো । উদ্বোধনৰ পিছতে দৈনিক 500 টন মিথানল আৰু 200 টন ফৰ্মেনিল উৎপাদন কৰিবলৈ সক্ষম হয় প্ৰকল্পটো । ইয়াৰ পিচতে ভাৰতবৰ্ষৰ লগতে ভূটান, নেপাল, বাংলাদেশৰ বজাৰ দখলৰ বাবে আগবাঢ়িছে অসম পেট্ৰ’কেমিকেল লিমিটেডে ।

ডিব্ৰুগড় জিলাৰ নামৰূপৰ অসম পেট্ৰ’কেমিকেলচত উৎপাদিত মিথান’ল ভূটান, নেপাল বাংলাদেশলৈ ৰপ্তানিৰ কাৰ্য আনুষ্ঠানিকভাৱে 1 জুলাইৰ দিনা উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । নামৰূপৰ অসম পেট্ৰ’কেমিকেলচ চৌহদত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি মুখ্যমন্ত্ৰী গৰাকীয়ে উদ্বোধন কৰিব এই ৰপ্তানি প্ৰক্ৰিয়া । এই ৰপ্তানি প্ৰক্ৰিয়া আৰম্ভ হ'লেই অসমৰ অৰ্থনৈতিক অৱস্থা অধিক টনকিয়াল হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ।

উল্লেখযোগ্য যে, 2013 চনত তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে বৰ্ধিত প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰাৰ পিচত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু উদ্যোগ মন্ত্ৰী বিমল বৰাৰ অহৰহ প্ৰচেষ্টাত বৰ্ধিত মিথান’ল প্ৰকল্পটোৰ কাম ভাৰতবৰ্ষৰ 11 টা কোম্পানীয়ে দ্ৰুত গতিত আগবঢ়াই সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল । দেশৰ ভিতৰতে এটা লাভজনক উদ্যোগ প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে এই প্ৰকল্পটো ।

ইফালে প্ৰায় 18 শ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ হোৱা প্ৰকল্পটোত প্ৰায় দুই তিনি শতাধিক নিৱনুৱা যুৱক- যুৱতীয়ে সংস্থাপন লাভ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ পৰা গৈছে । আনহাতে নামৰূপৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ মানকটাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিহুৰ বিশ্ব ৰেকৰ্ডৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিহুৱা-বিহুৱতীক মাননী প্ৰদান কৰিব বুলি জানিবলৈ পৰা গৈছে ।

লগতে পঢ়ক : Bodoland University Controversy: স্নাতক শিক্ষাৰ্থীয়ে অসমীয়া ভাষাতেই লিখিব পাৰিব পৰীক্ষাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.