ETV Bharat / state

ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ সুৰাসহ ব্যৱসায়ী আটক - Lock down news dibrugarh

ডিব্ৰুগড়ত প্ৰায় দহ লক্ষাধিক টকাৰ বিদেশী সুৰা জব্দ ৷ এজনক আটক ৷ লক ডাউনৰ অচিলাৰে সুৰাৰ ব্যৱসায় অব্যাহত ৷

সুৰাসহ ব্যৱসায়ী আটক
সুৰাসহ ব্যৱসায়ী আটক
author img

By

Published : May 27, 2021, 7:46 AM IST

ডিব্ৰুগড়,27 মে’: লক ডাউনৰ সুযোগ লৈ নিজ গৃহৰ পৰা অব্যাহত সুৰাৰ ব্যৱসায় ৷ ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ খনিয়া গাঁৱত বুধবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় দহ লক্ষাধিক টকাৰ বিদেশী সুৰা ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে ধৰণী শইকীয়া নামৰ এজন ব্যক্তিক ৷

প্ৰাপ্ত তথ্য অনুসৰি, ডিব্ৰুগড়ৰ উপ আৰক্ষী অধীক্ষক অনুপজ্যোতি বৰাসহ সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ শইকীয়া, নগৰ পৰিদৰ্শক অৰ্জুন সিং, যান-বাহন আৰক্ষী বিষয়া দীপজ্যোতি দাধৰা, মিলন নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াকে ধৰি আৰক্ষীৰ এক বৃহৎ দলে বুধবাৰে নিশা গাঁৱখনৰ বাসিন্দা ধৰণী শইকীয়াৰ ঘৰত আকস্মিক অভিযান চলায় ৷ আৰক্ষীয়ে এই অভিযানত ৪৬ কাৰ্টন বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে প্ৰথমটো ৰদ-বদল কৰিছিল আৰক্ষী অধীক্ষকসকলৰ ৷ ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাত নৱ নিযুক্ত আৰক্ষী অধীক্ষকসকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চলা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ ডিব্ৰুগড় আৰক্ষীয়েও ড্ৰাগছ, অবৈধ সুৰা আদিৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ৷ একাংশ দুষ্টচক্ৰই কৰ’ণা মহামাৰীৰ বাবে দিনৰ 11 বজাৰ পৰা জাৰি কৰা লক ডাউনৰ সুযোগ গ্ৰহণ কৰি নিজ বাসগৃহত মজুত ৰাখিছিল বৃহৎ পৰিমাণৰ সুৰা ৷ আৰক্ষীয়ে গোপন সূত্ৰৰ জৰিয়তে এই খবৰ লাভ কৰি অভিযান চলাই সফলতা লাভ কৰা দেখা যায় ৷

লগতে চাওকঃ সম্পূৰ্ণ হোৱাৰ পথত বিশ্বৰ অন্যতম পথ সংযোগী সুৰংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.