ETV Bharat / state

বন মাফিয়াৰ কবলত দিহিং পাটকাই অভয়াৰণ্য

author img

By

Published : Jan 23, 2020, 8:26 AM IST

বন মাফিয়াৰ কবলত পৰিছে উজনি অসমৰ অতিকে গুৰুত্বপূৰ্ণ জৈৱ বৈচিত্ৰৰে ভৰপূৰ দিহিং পাটকাই অভয়াৰণ্য ৷ অভয়াৰণ্য হিচাপে স্বীকৃত দিহিং-পাটকাই অসমৰ প্ৰথমখন বৰ্ষাৰণ্য ৷ এচাম অসাধু চক্ৰই এমূৰৰ পৰা কাটি তহিলং কৰিছে অভয়াৰণ্যখনৰ মূল্যবান গছ ৷

Illegal log business in dihing patkai wild life century
বৰ্ষাৰণ্যখনৰ শুকানজুৰি নামচাং চাৰইপুং

নাহৰকটীয়া, 23 জানুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল সমূহৰ মূল্যবান বনজ সম্পদ সমূহ ক্ৰমাৎ ধ্বংস হ'বলৈ ধৰিছে ৷ শেহতীয়াকৈ বন মাফিয়াৰ কবলত পৰিছে উজনি অসমৰ অতিকে গুৰুত্বপূৰ্ণ জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ দিহিং পাটকাই অভয়াৰণ্য ৷ এচাম অসাধু চক্ৰই এমূৰৰ পৰা কাটি তহিলং কৰিছে অভয়াৰণ্যখনৰ মূল্যবান গছ ৷ উল্লেখ্য যে অভয়াৰণ্য হিচাপে স্বীকৃত দিহিং-পাটকাই অসমৰ প্ৰথমখন বৰ্ষাৰণ্য ৷ ২০০৪ চনতে জয়পুৰ,ডিৰাক আৰু আপাৰ দিহিঙৰ ১১১.১৯ বৰ্গ কিলোমিটাৰ সাঙুৰি দিহিং-পাটকাই অভয়াৰণ্য ঘোষণা কৰা হয় ৷

বৰ্ষাৰণ্যখনৰ শুকানজুৰি নামচাং চাৰইপুং

অভয়াৰণ্যখনৰ আন্তঃগাঠনি শক্তিশালী কৰাৰ ক্ষেত্ৰত বনবিভাগে কোনো পদক্ষেপ লোৱা নাই বুলি মন্তব্য কৰে অভয়াৰণ্যখনৰ পৰিৱেশ কৰ্মী মৃদুপৱন ফুকনে ৷ দিহিং-পাটকাইৰ সমগ্ৰ অঞ্চলটোত ৪২ বিধ স্তন্যপায়ী প্ৰাণী,400 বিধ বনৰীয়া চৰাই,৪০ বিধ সৰীসৃপ আৰু উভচৰ, প্ৰায় তিনি শতাধিক পখিলাৰ উপৰিও অভয়াৰণ্য খনত আছে ঢেকীয়াপটীয়াকে ধৰি ৭টা প্ৰজাতিৰ মেকুৰী, টুপিমূৰীয়া লাজুকী হলৌকে ধৰি ৭টা প্ৰজাতিৰ বান্দৰৰ লগতে মূল্যবান বৃক্ষ ৷ অতিকৈ চহকী এই বনাঞ্চলৰ বনজ সম্পদ ৰক্ষণাবেক্ষণত গুৰুত্ব নাই মন্ত্ৰী পৰিমল শুক্লবদ্যৰ বনবিভাগৰ বিষয়া কৰ্মচাৰীৰ ৷ যাৰ পৰিণতিত এতিয়া একাংশ দুস্কৃতিকাৰীয়ে বৰ্ষাৰণ্যখনৰ শুকানজুৰি নামচাং চাৰইপুংৰ অভ্যন্তৰত দিনে নিশাই চলাই গৈছে মূল্যবান গছৰ চোৰাং বেহা ৷

আৰু পঢ়ক : আমি ধৰিত্ৰী বচাব নোৱাৰিলে দেশ বচাই লাভ নাইঃ যাদৱ পায়েং

Intro:কেনেদৰে চলিছে ৰাজ্যৰ বনবিভাগ
বন সুৰক্ষাত কিমান সফল ৰাজ্যৰ এই ব্যাগোম বিভাগটো৷
আমি আজি দেখোৱাম পৰিমল শুক্লবদ্যৰ দায়িত্বত থকা বন বিভাগৰ ফুপুলা স্বৰূপ
Etv ভাৰতৰ কেমেৰাত বন্দি হৈছে পৰিমল শুক্লবদ্যৰ বন বিভাগত চলা বন ধ্বংস যঞ্জৰ চাঞ্চল্যকৰ দৃশ্য৷

Vo: হয় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই নিয়ন্ত্ৰণ কৰিব নোৱাৰা বন বিভাগ এতিয়া পৰিণত হৈছে ৰাজ্যৰ আটাইতকৈ ব্যৰ্থ বিভাগলৈ৷বন সুৰক্ষাত নিয়স্ত কমিছন লোভী একাংশ বিষয়া কৰ্মচাৰীৰ দুস্কৃতিকাৰীৰে চলা মিতিৰালিৰ বাবেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল সমূহৰ মূল্যবান বনজ সম্পদ সমূহ ক্ৰমাৎ ধ্বংস হবলৈ ধৰিছে ৷ শেহতীয়াকৈ বন মাফিয়াৰ কবলত পৰিছে উজনি অসমৰ অতিকে গুৰুত্বপূৰ্ণ জৈৱবৈচিত্ৰতাৰে ভৰপুৰ দিহিং পাটকাই অভয়াৰণ্য৷ এচাম অসাধু চক্ৰই এমূৰৰ পৰা কাটি তহিলং কৰিছে অভয়াৰণ্যখনৰ মূল্যবান গছ৷ উল্লেখ্য যে অভয়াৰণ্য হিচাপে স্বীকৃত দিহিং-পাটকাই অসমৰ প্ৰথমখন বৰ্ষাৰণ্য৷ ২০০৪ চনতে জয়পুৰ, ডিৰাক আৰু আপাৰ দিহিঙৰ ১১১.১৯ বৰ্গকিলোমিটাৰ সাঙুৰি দিহিং-পাটকাই অভয়াৰণ্য ঘোষণা কৰা হয় যদিও আন্ত গাঠনি শক্তিশালী কৰাৰ ক্ষেত্ৰটো কোনো কান হাৰ নাই ৰাজ্যৰ বনবিভাগৰ ৷ দিহিং-পাটকাইৰ সমগ্ৰ অঞ্চলটোত ৪২ বিধ স্তন্যপায়ী প্ৰাণী, 400 বিধ বনৰীয়া চৰাই, ৪০ বিধ সৰীসৃপ আৰু উভচৰ, প্ৰায় তিনি শতাধিক পখিলাৰ ওপৰিও অভয়াৰণ্য খনত আছে ঢেকীয়াপটীয়াকে ধৰি ৭টা প্ৰজাতিৰ মেকুৰী, টুপিমূৰীয়া লাজুকী হলৌকে ধৰি ৭টা প্ৰজাতিৰ বান্দৰ ৫টা প্ৰজাতিৰ ধনেশপক্ষী লগতে হোলোং, মেকাই, চেগুন, ধূনা, উৰিয়াম, নাহৰ, চামকঁঠাল, ভেলু,বিভিন্ন প্ৰজাতিৰ শিমলুৰ দৰে মূল্যবান বৃক্ষ৷ কিন্তু পিৰতাপৰ কথাটো হল অতিকৈ চহকী এই বনাঞ্চলৰ বনজ সম্পদ ৰক্ষণাবেক্ষণত গুৰুত্ব নাই কমিচনত অন্ধ মন্ত্ৰী পৰিমল শুক্লবদ্যৰ বনবিভাগৰ বিষয়া কৰ্মচাৰীৰ৷ যাৰ পৰিণতিত এতিয়া একাংশ দুস্কৃতিকাৰীয়ে বৰ্ষাৰণ্যখনৰ শুকানজুৰি নামচাং চাৰইপুংৰ অভ্যন্তৰত দিনে নিশাই চলাই গৈছে মূল্যবান গছৰ চোৰাং বেহা৷

Byte: Mridupaban Phukan পৰিবেশ কৰ্মী

----- মিনহাজ আহমেদ, নাহৰকটীয়াBody:DOConclusion:DO
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.