ETV Bharat / state

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি ডিকমত অবৈধ কুকুৰা যুঁজ

author img

By

Published : Jan 3, 2021, 10:14 PM IST

দীৰ্ঘদিনৰ পৰা ডিকম আৰক্ষী চকীৰ অন্তৰ্গত হেজেল বেংক মূৰা লাইনৰ সমীপত মুকলি পথাৰত অনুষ্ঠিত হৈ আহিছে জুৱা খেলৰ লগতে মদৰ এক ৰমৰমীয়া আড্ডা ৷ শেহতীয়া ভাৱে একাংশ অসাধু চক্ৰই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি মুকলিকৈ চলাই গৈছে কুকুৰা যুঁজ, জুৱা খেল আৰু মদৰ আড্ডা ৷

Illegal cock fighting at Dikom
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি ডিকমত অবৈধ কুকুৰা যুঁজ

মৰাণ, 3 জানুৱাৰী: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি ডিকমত অনুষ্ঠিত কৰিলে কুকুৰা যুঁজ ৷ এচাম অসাধু চক্ৰই কুকুৰা যুঁজৰ নামত অবৈধ ভাৱে মুকলিকৈ জুৱা খেলৰ লগতে মদৰ ৰমৰমীয়া আড্ডা চলাই আহিছে ডিকমত ৷ ডিকম আৰক্ষী চকীৰ অন্তৰ্গত হেজেল বেংক মূৰা লাইনৰ সমীপত মুকলি পথাৰত অনুষ্ঠিত কৰিলে কুকুৰা যুঁজ, জুৱা খেল আৰু মদৰ আড্ডা ৷ প্ৰতিটো দেওবাৰে একাংশ অসাধু চক্ৰই মুকলিকৈ চলাই গৈছে বেহা ৷

স্থানীয় ৰাইজৰ অভিযোগ বাৰে বাৰে আৰক্ষীক অৱগত কৰাৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নায় ৷ ব্যৱস্থা গ্ৰহণ নকৰাত অতিস্থ হৈ পৰিছে স্থানীয় লোক ৷ ইফালে হেজেলবেংক মূৰা লাইনৰ সমীপৰ মুকলি পথাৰত অনুষ্ঠিত হৈ থকা কুকুৰা যুঁজলৈ সাংবাদিকক প্ৰৱেশৰ ক্ষেত্ৰতো বাধা প্ৰদান কৰিছে চক্ৰটোৱে ৷ এনে কাৰ্যৰ বিৰোধিতা কৰি সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উপ শাখাই অতি সোনকালে চক্ৰটোক উৎখাত কৰাৰ বাবে দাবী জনাইছে ৷ অন্যথা ৰাইজক লগত লৈ চাহ জনজাতি ছাত্ৰ সন্থাই নিজেই উৎখাত কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক: 21 ৰ নিৰ্বাচন দিছপুৰ দখলৰ যুঁজ নহয়,অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ: ভাস্কো ডি শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.