ডিব্ৰুগড় , 13 জুন : ৰক্ষকৰ ঘৰতেই ভক্ষক ৷ খোদ আৰক্ষীৰ ঘৰতেই নিৰ্যাতিতা হ'ল বোৱাৰী ৷ বিয়াৰ এবছৰৰ পিছতেই বোৱাৰীক নিৰ্যাতন চলোৱাৰ অভিযোগৰ ভিত্তিত ৰঙাঘৰৰ আলহী হ'ল স্বামী আৰু শাহু (Husband and mother in law jailed for harassing daughter in law) ৷
এবছৰৰ পূৰ্বে ডিব্ৰুগড় জিলাৰ মোহনবাৰীৰ খগেন তামুলী আৰু জানটি তামুলীৰ কন্যা ৰিতুস্না তামুলীয়ে ৰূপম গগৈৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল ৷ লাহোৱাল সমষ্টিৰ অন্তৰ্গত নতুন বছাপথাৰ গাঁৱৰ আৰক্ষীত কৰ্মৰত ভদ্ৰেশ্বৰ গগৈ আৰু মিনালী গগৈৰ পুত্ৰ ৰূপম গগৈ ৷ বিয়াৰ সময়ত ৰিতুস্নাৰ বয়স আছিল 16 বছৰ ৷
বিয়াৰ এবছৰৰ পিছতেই ৰিতুস্নাক শাহুৱেক মিনালী গগৈয়ে মানসিক, শাৰীৰিক অত্যাচাৰ কৰাৰ লগতে যৌতুকৰ দাবী কৰাৰ গুৰুতৰ অভিযোগ অভিযোগ উত্থাপিত হৈছে ৷ শাহুৱেকৰ অত্যাচাৰত দুবাৰকৈ ৰিতুস্নাই আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল বুলিও সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ৷
উল্লেখ্য যে অন্তঃসত্বা বোৱাৰীয়েকক শাহুৱেকে দুবাৰকৈ মনে মনে ভ্ৰূণহত্যা কৰাৰ জঘন্য অভিযোগ উত্থাপন কৰিছে বোৱাৰীয়েক ৰিতুস্নাই ৷ শেহতীয়াকৈ বোৱাৰীয়েকক পুত্ৰৰ চাকৰিৰ বাবে উৎকোচ দিবলৈ 1 লাখ টকা পিতৃগৃহৰ পৰা খুজিবলৈ দাবী কৰে শাহুৱেকে ৷ কিন্তু বোৱাৰীয়েকে ঘৰৰ লোকে ইমান ধন দিবলৈ নোৱাৰিব বুলি কোৱাত ঘৰৰ মাটি বিক্ৰী কৰি হলেও ধন দিবলৈ কবলৈ হেঁচা প্ৰয়োগ কৰে ৷ এই ঘটনাৰ পিছতে উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপে ভুক্তভোগী বোৱাৰীয়েকে ৷
বিগত এবছৰ ধৰি প্ৰতিদিনে শাহুৱেক আৰু স্বামীৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হৈ আহিছে ৰিতুস্না ৷ নিজ কন্যাৰ অত্যাচাৰ সহিব নোৱাৰি বোৱাৰীগৰাকীৰ মাতৃয়ে লাহোৱাল থানাত এখন এজাহাৰ দিয়ে ৷ উক্ত এজাহাৰৰ ভিত্তিত লাহোৱাল আৰক্ষীয়ে কেচ নং ৮১/22 আৰু ৩৬৬/৪৭৮এ/৩৭৬বি/৩১৩/৩৪অনুসৰি স্বামী ৰূপম গগৈ আৰু মাতৃ মিনালী গগৈক গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে দুই অভিযুক্তক জেললৈ প্ৰেৰণ কৰিছে ৷
লগতে চাওক : পিতৃৰ পৰা 50 হাজাৰ টকা আনি নিদিয়াৰ বাবে পত্নীক ব্লেডেৰে আঘাত নাছিৰৰ