ETV Bharat / state

এখন বাঁহনিত বাহৰ পাতিছে জাক জাক বগলীয়ে - khowang

ডিব্ৰুগড় জিলাৰ খোৱাঙৰ সোণোৱাল বঙালী গাঁৱত বাহৰ পাতিছে বিভিন্ন প্ৰজাতিৰ শতাধিক বগলীয়ে ৷ প্ৰতিবছৰে ছমাহৰ বাবে দিলীপ হাজৰিকা নামৰ লোকজনৰ বাসগৃহৰ বাঁহনিত আশ্ৰয় লয় বগলীবোৰে ৷

hundreds-of-crane-come-to-khowang
খোৱাঙৰ বাঁহনিত বগলীৰ বাহৰ
author img

By

Published : May 12, 2021, 9:37 AM IST

Updated : May 12, 2021, 4:17 PM IST

মৰাণ, 12 মে’ : সমগ্ৰ দেশজুৰি কৰ’ণাৰ দ্বিতীয় ঢৌৱে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ সোণোৱাল বঙালী গাঁৱত আগমণ ঘটিছে শতাধিক বগলীৰ ৷ ভিন্ন প্ৰজাতিৰ বগলী গাঁওখনৰ দিলীপ হাজৰিকা নামৰ লোকজনৰ বাসগৃহৰ চৌহদৰ বাঁহনিত দেখিবলৈ পোৱা গৈছে ।

এখন বাঁহনিত বাহৰ পাতিছে জাক জাক বগলীয়ে

প্ৰতিবছৰে ছমাহৰ বাবে লোকজনৰ বাৰীৰ বাঁহনিতে আশ্ৰয় লোৱা বগলীবোৰে পোৱালী জগাই তাতেই পোহ-পাল দিয়া পৰিলক্ষিত হৈছে । বগলীৰ বাসস্থান হৈ পৰা বাঁহনিখনৰ গৰাকী দিলীপ হাজৰিকাই জানিবলৈ দিয়া মতে, বিগত বহু বছৰৰ পৰা প্ৰতিবছৰে ছমাহৰ বাবে শতাধিক বগলী তেওঁৰ বাঁহনিলৈ আহে ।

কিছুসংখ্যক লোকে বগলী চিকাৰ কৰিবলৈ চেষ্টা কৰে যদিও তেওঁ বাধা দি বগলীবোৰক সুৰক্ষা প্ৰদান কৰে ৷ সেইবাবেই এইদৰে প্ৰতিবছৰে বগলী আহি তেওঁ বাঁহনিত বাহৰ পাতে ৷

এইদৰে বিভিন্ন প্ৰজাতিৰ বগলীৰ আগমণে বাৰীখনত এক সুকীয়া পৰিৱেশৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : পুৰণিগুদামত দিন দুপৰতে প্ৰৱঞ্চকে লুটিলে নগদ ধন

Last Updated : May 12, 2021, 4:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.