মৰাণ,1জানুৱাৰীঃ ডিব্ৰুগড়ৰ এক আঢ্যৱন্ত পৰিয়াল নীতা আস্মিন বৰাৰ গৃহত ওৰে জীৱন বন কৰা কৰ্মী যুগ্মী তাঁতীৰ মৃত্যুৰ পিছত ডিব্ৰুগড়ৰ লেকাইস্থিত পূজাশ্ৰী বৃদ্ধাশ্ৰমত খনিকৰবাসী ৰাইজৰ সহযোগত বৃহস্পতিবাৰে আদ্য-শ্ৰাদ্ধ সমাপন কৰে ।
উল্লেখযোগ্য যেন, নীতা আস্মিন বৰাৰ পৰিয়ালে বৃদ্ধাগৰাকীক ওৰে জীৱন বন কৰা কৰ্মী হিচাপে ৰাখি ছমাহ পূৰ্বে জীৱনৰ বিয়লি বেলাত পূজাশ্ৰী বৃদ্ধাশ্ৰমত ৰাখি থৈ আহিছিল । উল্লেখ যে মৃত্যুৰ পাছতো পৰিয়ালৰ লোকে বৃদ্ধ আইতা গৰাকীৰ মৃতদেহ নিবলৈ অহা নাছিল । পূজাশ্ৰী বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই উপায়ন্তৰ হৈ আশ্ৰমতে আইতা গৰাকী সৎকাৰৰ ব্যৱস্থা কৰিছিল । এটা আধ্যবন্ত পৰিয়ালৰ এনে অমানবীয় কাৰ্যক লৈ সমগ্ৰ ডিব্ৰুগড় জিলাতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল । কোনো পিতৃ-মাতৃয়ে যাতে এনে অবহেলাৰ সন্মুখীনৰ বলি হ'বলগীয়া নহয় আৰু সকলোৱে পিতৃ-মাতৃক যাতে সন্মান কৰে তাক সংবাদ মাধ্যমৰ জড়িয়তে আহ্বান জনালে পূজাশ্ৰী বৃদ্ধাশ্ৰমৰ কৰ্তৃপক্ষই ৷
লগতে পঢ়কঃ ক'ভিড প্ৰট'কল মানি আৰম্ভ হ'ল বিদ্যালয়ৰ পাঠদান