ETV Bharat / state

কেঞ্চাৰ ৰোগীৰ সেৱাৰ বাবে বিশেষ বঁটাৰে সন্মানিত ডিব্ৰুগড়ৰ দুই চিকিৎসক - ডিব্রুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱন প্ৰেক্ষাগৃহ

কেঞ্চাৰ ৰোগীৰ বাবে সেৱা আগবঢ়োৱা ডিব্ৰুগড় প্ৰতিশ্ৰুতিৰ দুগৰাকী বিশিষ্ট চিকিৎসকক বঁটা প্ৰদান । বৃহস্পতিবাৰে ডিব্রুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱন প্ৰেক্ষাগৃহত দুয়োগৰাকী চিকিৎসকক এই বঁটা প্ৰদান কৰা হয় ।

ডিব্ৰুগড় প্ৰতিশ্ৰুতিৰ দুগৰাকী বিশিষ্ট চিকিৎসকক বঁটা প্ৰদান

author img

By

Published : Feb 19, 2021, 1:16 PM IST

মৰাণ, ১৯ ফেব্ৰুৱাৰী: কেঞ্চাৰ ৰোগীৰ বাবে সেৱা আগবঢ়োৱাৰ বাবে ডিব্ৰুগড়ৰ দুগৰাকী বিশিষ্ট চিকিৎসকক বিশেষ বঁটা প্ৰদান কৰা হয় । বৃহস্পতিবাৰে ডিব্রুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱন প্ৰেক্ষাগৃহত দুয়োগৰাকী চিকিৎসকক বঁটা প্ৰদান কৰা হয় ।

উজনি অসমত কেঞ্চাৰ ৰোগৰ চিকিৎসা, ৰোগীক সহায়, সজাগতা সৃষ্টি আদিৰ ক্ষেত্ৰত কাম কৰি অহা 'প্রতিশ্রুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট'ৰ উদ্যোগত মিলন জ্যোতি সংঘ আৰু এ এম চিত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তি বিভাগৰ অধীনত চলি থকা এক প্ৰকল্পৰ সমৰ্থনত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

ডিব্ৰুগড়ত দুগৰাকী বিশিষ্ট চিকিৎসকক বঁটা প্ৰদান

তদুপলক্ষে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডাঃ হেৰম্ব কুমাৰ ভৰালী সোঁৱৰণী বঁটা কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা সেৱা আগবঢ়াই অহা মুম্বাই টাটা হাস্পতলৰ বিশিষ্ট কেঞ্চাৰ বিশেষজ্ঞ ডাঃ তপন কুমাৰ শইকীয়া আৰু কাছাৰ কেঞ্চাৰ হস্পিতেলৰ কেঞ্চাৰ বিশেষজ্ঞ ডাঃ ইকবাল বাহাৰক আনুষ্ঠানিকভাৱে বঁটা আগবঢ়োৱা হয় ।

সম্বৰ্ধিত ডাঃ তপন কুমাৰ শইকীয়াই ভাৰতবৰ্ষত কেঞ্চাৰ নিয়ন্ত্ৰণত সামাজিক সংগঠনৰ ভূমিকা শীৰ্ষক বিষয়ত বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । আনহাতে ডাঃ ইকবাল বাহাৰে কেঞ্চাৰ ৰোগৰ ঘৰুৱা উপশমী চিকিৎসা সন্দৰ্ভত বক্তব্য আগবঢ়ায় । উক্ত অনুষ্ঠানতে ডিব্ৰুগড়ৰ দুগৰাকী চৰকাৰী বিষয়া ক্ৰমে অতিৰিক্ত উপায়ুক্ত দিপু কুমাৰ ডেকা আৰু জিলা চাৰ্ভিলেন্স বিষয়া ডাঃ নৱজ্যোতি গগৈকো ক'ভিড যোদ্ধা হিচাপে সম্বৰ্ধনা জনোৱা হয় ।

উক্ত অনুষ্ঠানত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ পৰিচালন সঞ্চালক ৰীপ হাজৰিকা, এ এম চিৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে অতিথি হিচাপে অংশগ্ৰহণ কৰে । অনুষ্ঠানটোৰ আদৰণি ভাষণ ডাঃ গায়ত্ৰী গগৈয়ে আৰু আঁত ধৰে জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাই ।

লগতে পঢ়ক:হঠাৎ গুৰুতৰভাৱে অসুস্থ প্ৰফুল্ল কুমাৰ মহন্ত

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.