ETV Bharat / state

অত্যাধুনিক কৰা হ’ব নাহৰকটীয়াৰ অসামৰিক চিকিৎসালয়ঃ স্বাস্থ্য মন্ত্ৰী - naharktia

আই চি ইউ সংস্থাপন হব নাহৰকটীয়াৰ ১০০ খন বিছনাযুক্ত অসামৰিক চিকিৎসালয়ত ৷ অতিৰিক্ত ১৫ কোটি টকা ব্যয়েৰে অত্যাধুনিক কৰাৰ পৰিকল্পনা স্বাস্থ্য মন্ত্ৰীৰ ৷

আই চি ইউ সংস্থাপন হব নাহৰকটীয়াৰ ১০০ খন বিছনাযুক্ত অসামৰিক চিকিৎসালয়ত

author img

By

Published : Jun 6, 2020, 3:47 AM IST

Updated : Jun 6, 2020, 6:31 AM IST

নাহৰকটীয়া, 6 জুনঃ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰিস্থিতিৰ বুজ লবলৈ শুকুৰবাৰে নাহৰকটীয়াত উপস্থিত হ’ল ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ বৃহত্তৰ নাহৰকটীয়া অঞ্চলৰ প্ৰায় সংখ্যক লোকৰে আশা ভাৰষাৰ কেন্দ্ৰস্থল ১০০ খন বিছনাযুক্ত অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী জনে কয় যে,"নাহৰকটীয়া অসামৰিক চিকিৎসালয়খন ডিব্ৰুগড় জিলাৰ অসামৰিক চিকিৎসালয় হিচাপে নিৰ্মাণ কৰা হৈছিল যদিও যিধৰনেৰে চিকিৎসালয়খন কাৰ্যক্ষম হ'ব লাগিছিল সেইয়া হোৱা নাছিল, এতিয়া এই চিকিৎসালয়খন উন্নত কৰিবৰ বাবে ১৫ কোটি টকাৰ এক পৰিকল্পনা লোৱা হৈছে আৰু আই চি ইউ ( ইমাৰজেন্সি কেয়াৰ ইয়নিট) স্থাপনৰো পৰিকল্পনা লোৱা হৈছে ।" লগতে তেওঁ কয় যে, ডিব্ৰুগড়ৰ চিকিৎসালয়সমূহত ৰোগীৰ সংখ্যা বাঢ়িলে অতিৰিক্ত ৰোগী থকাৰ সুবিধাৰ বাবে এই চিকিৎসালয় খন ব্যৱহাৰ কৰা হ'ব ৷

অত্যাধুনিক কৰা হ’ব নাহৰকটীয়াৰ অসামৰিক চিকিৎসালয়ঃ স্বাস্থ্য মন্ত্ৰী

বৰ্তমান নাহৰকটীয়া ১০০ খন বিছনাযুক্ত অসামৰিক চিকিৎসালয় খনত বহিঃৰাজ্যৰ পৰা অহা ১৬ জন লোক কোৱাৰেণ্টাইনত আছে । মন্ত্ৰীজনৰ এই পৰিদৰ্শনৰ সময়চোৱাত তেওঁৰ লগত উপস্থিত থাকে ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকা, সাংসদ পল্লৱ লোচন দাস, দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালা, নাহৰকটীয়াৰ বিধায়ক নৰেণ সোণোৱাল আৰু বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি তৰংগ গগৈ ৷

লগতে পঢ়কঃ কেনে অৱস্থাত আছে মহানগৰীৰ নৈ সমূহ ?

Last Updated : Jun 6, 2020, 6:31 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.