ETV Bharat / state

ডিব্ৰুগড়ত প্ৰতি ঘন্টাত বাঢ়িব পাৰ্কিঙৰ মাচুল - Parking tax in Dibrugarh

ডিব্ৰুগড়ৰ জনতাৰ মূৰত পুনৰ ৰাম টাঙোন । পৌৰ কৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে আন এক হঠকাৰী সিদ্ধান্ত ডিব্ৰুগড় পৌৰসভাৰ (Municipality decides to hike municipal tax) । এইবাৰ ডিব্ৰুগড় পৌৰসভাৰ লেচীয়ে সংগ্ৰহ কৰিবলৈ সাজু হৈছে অত্যাধিক হাৰত পাৰ্কিঙৰ মাচুল (Dibrugarh municipality to hike parking fee) ।

high parking charge at dibrugarh
ডিব্ৰুগড়ত প্ৰতি ঘন্টাত বাঢ়িব পাৰ্কিঙৰ মাচুল
author img

By

Published : Sep 25, 2022, 4:37 PM IST

ডিব্ৰুগড়,২৫ ছেপ্টেম্বৰ: পৌৰ কৰ বৃদ্ধিৰ সিদ্ধান্তক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এইবাৰ ডিব্ৰুগড় পৌৰসভাৰ লেচীয়ে সংগ্ৰহ কৰিবলৈ সাজু হৈছে অত্যাধিক হাৰত পাৰ্কিঙৰ মাচুল (Municipality decides to hike municipal tax) । প্ৰতি ঘন্টাত লেচীয়ে যান-বাহনৰ নামত ৫ টকাৰ পৰা ৩০ টকা পৰ্যন্ত সংগ্ৰহ কৰিব পাৰ্কিং মাচুল (Dibrugarh municipality to hike parking fee) ।

ইতিমধ্যে ডিব্ৰুগড় পৌৰসভাই (Dibrugarh municipality) জাৰি কৰা শেহতীয়া এক জাননীয়ে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । চহৰখনৰ ১৫ টাকৈ স্থানক পাৰ্কিং স্থান হিচাপে চিহ্নিত কৰি ডিব্ৰুগড় পৌৰসভাই আৱন্টন দিছে বিজেপি নেতা-কৰ্মীক । য'ত এইসকল লেচীয়ে পৌৰসভাক পৰিশোধ কৰিব লাগিব ৩ শতাংশৰ পৰা ১৯১ শতাংশলৈ ধন । এই বৃহৎ ধন আদায় দিবলৈ বিজেপি কৰ্মীৰ লেচীয়ে অত্য়াধিক হাৰত সংগ্ৰহ কৰিবলৈ সাজু হৈছে পাৰ্কিং মাচুল ।

ডিব্ৰুগড়ত প্ৰতি ঘন্টাত বাঢ়িব পাৰ্কিঙৰ মাচুল

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ডিব্ৰুগড় পৌৰসভাই ৰাষ্ট্ৰীয় ঘাইপথ আৰু গড়কাপ্তানি পথ সমূহতো পাৰ্কিং পেলেচ হিচাপে আৱন্টন দিছে লেচীক । য'ত ৰাষ্ট্ৰীয় ঘাইপথ অথবা গড়কাপ্তানি বিভাগৰ পথত পাৰ্কিং পেলেচৰ বাবে লেচীক আৱন্টন দিয়াৰ কৰ্তৃত্ব নাই পৌৰসভাৰ । তেনেস্থলত কি যুক্তিত ৰাষ্ট্ৰীয় ঘাইপথ অথবা গড়কাপ্তানি পথক পাৰ্কিং পেলেচ হিচাপে আৱন্টন দিলে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে (Parking tax in Dibrugarh)।

এই সমগ্ৰ বিষয়টোক লৈ ডিব্ৰুগড় উপায়ুক্তৰ হস্তক্ষেপ দাবী জনাইছে । শীঘ্ৰে পাৰ্কিং মাচুল বৃদ্ধি আৰু ৰাষ্ট্ৰীয় ঘাইপথ অথবা গড়কাপ্তানি পথৰ পাৰ্কিং পেলেচ বন্ধৰ ব্যৱস্থা নকৰিলে অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । অন্যহাতে ডিব্ৰুগড়ত দিনে দিনে বৃদ্ধি পাই অহা যান-জঁটৰ সমস্যাৰ মাজতে যধে-মধে আৱন্টন দিয়া এই পাৰ্কিং পেলেচৰ গ্ৰহণ যোগ্যতাক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে ।

লগতে পঢ়ক: পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি টীয়কত লোকে লোকাৰণ্য ৰাজপথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.