ETV Bharat / state

77th Independence Day :স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মৰাণত সুউচ্চ ত্ৰিৰংগা উত্তোলন - ত্ৰিৰংগা উত্তোলন কৰিলে কেন্দ্ৰীয় মন্ত্ৰীয়ে

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মৰাণত সুউচ্চ ত্ৰিৰংগা উত্তোলন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৯ টা বিধানসভা সমষ্টিতে এনে সুউচ্চ ত্ৰিৰংগাৰ ব্যৱস্থা কৰা বুলি তেওঁ কয় ৷

Preparation of Independence Day
সুউচ্চ ত্ৰিৰংগা উত্তোলন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে
author img

By

Published : Aug 14, 2023, 3:18 PM IST

সুউচ্চ ত্ৰিৰংগা উত্তোলন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে

ডিব্ৰুগড়, ১৪ আগষ্ট: দিল্লীৰ দৰে ডিব্ৰুগড়ৰ প্ৰতিটো বিধানসভা সমষ্টিত হাই মাষ্ট ত্ৰিৰংগা স্থাপনৰ উদ্যোগ লৈছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । ইতিমধ্যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও সমষ্টিত ইতিমধ্যে এই স্থায়ী হাই মাষ্ট ত্ৰিৰংগা স্থাপন সম্পূৰ্ণ কৰা হৈছে । দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেওবাৰে আবেলি মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত এখনি সুউচ্চ ত্ৰিৰংগা উত্তোলন কৰে ডিব্ৰুগড়ৰ সাংসদ তথা পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

উল্লেখ্য় যে অইল ইণ্ডিয়া লিমিটেডৰ ১৮ লাখ টকা পুঁজিৰে নিৰ্মাণ কৰা হৈছে এই সুউচ্চ ত্ৰিৰংগা । পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৯ টা বিধানসভা সমষ্টিতে এনে সুউচ্চ ত্ৰিৰংগাৰ ব্যৱস্থা কৰা হৈছে ৷ লগতে যিকেইটা অনুষ্ঠানে প্ৰতিটো সমষ্টিত এই হাই মাষ্ট ত্ৰিৰংগা স্থাপনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ালে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ।

উক্ত উদ্বোধনী সভাত ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাস,মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ,মৰাণ অইল ইণ্ডিয়াৰ মুখ্য প্ৰৱন্ধক উৎপল কুমাৰ দলে উপস্থিত থাকি বক্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক:AJP Joining Meeting in Barpeta: অসমৰ ইতিহাসত ৰাইজে আটাইতকৈ জঘন্যভাৱে গালি পৰা মুখ্যমন্ত্ৰী হ’ল হিমন্ত বিশ্ব শৰ্মা; দুলু আহমেদ

ইপিনে,জিলাখনৰ চৌকিডিঙী আৰু খনিকৰত কালি পেট্ৰ'লিয়াম,প্ৰাকৃতিক গেছ,শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে হাই মাষ্ট ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । তেওঁ ১১ খন মটৰ চাইকেলো ডিব্ৰুগড় আৰক্ষীক আনুষ্ঠানিকভাৱে প্ৰদান কৰে ৷ জিলাখনৰ ডিব্ৰুগড়, বৰবৰুৱা, দুলীয়াজান, খোৱাং, নাহৰকটীয়া, টিংখাং, জয়পুৰ, নামৰূপ, মৰাণ, টেঙাখাট আৰু লাহোৱালক থানাক এই মটৰ চাইকেলকেইখন প্ৰদান কৰে ৷

লগতে পঢ়ক:77th Independence Day 2023 : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিব্ৰুগড়ৰ দুটা স্থানত হাই মাষ্ট ত্ৰিৰংগা উত্তোলন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.