ETV Bharat / state

খহনীয়াত ক্ষতিগ্ৰস্তক তিৰ্পাল দি দায়িত্ব সামৰিলে ডিব্ৰুগড় প্ৰশাসনে - chabua erosion

গৰাখহনীয়াত আশ্ৰয়হীন হোৱা চাবুৱাৰ ৰংমলা গাঁৱৰ 40 টাকৈ পৰিয়ালক এখন টিৰ্পাল দিয়েই দায়িত্ব সামৰিছে প্ৰশাসনে ৷ গৰাখহনীয়াৰ আশংকাৰে আপোন ঘৰখন ভাঙি বয়-বস্তুসমূহ উলিয়াই আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিছে এইসকল লোকে ৷

erosion in rangmala village
ৰংমালা গাঁওবাসীক তিৰ্পাল প্ৰদান
author img

By

Published : May 26, 2021, 2:28 PM IST

মৰাণ,26 মে’ : ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই পুনৰ ভাবুকি কঢ়িয়াই আনিছে চাবুৱাৰ ৰংমলা গাঁৱলৈ । বিগত বৰ্ষত 90 টাতকৈ অধিক পৰিয়ালে ব্ৰহ্মপুত্ৰৰ খহনীয়াত আপোন ঘৰ-মাটি সকলো হেৰুৱাই ৰাইডাং অঞ্চলত বসবাস কৰি আছিল ৷

erosion in rangmala village
ৰংমালা গাঁৱত গৰাখহনীয়া

এইবেলি পুনৰ খহনীয়াত নিচিহ্ন হোৱাৰ দিশে গতি কৰিছে অঞ্চলটো ৷ ইয়াৰ ফলস্বৰূপে 40 টাতকৈ অধিক পৰিয়ালে এতিয়া আপোন ঘৰখন ভাঙি বয়-বস্তুসমূহ উলিয়াইছে যদিও আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷

erosion in rangmala village
ৰংমালা গাঁওবাসীক তিৰ্পাল প্ৰদান

ইফালে ৰংমালা গাঁৱত গৰাখহনীয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা 40 টাকৈ পৰিয়ালক জিলা প্ৰশাসনৰ হৈ চাবুৱা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত একোখনকৈ তিৰ্পাল প্ৰদান কৰা হৈছে । এতিয়া প্ৰশ্ন সৃষ্টি হৈছে, গৰাখহনীয়াত সৰ্বস্ব হেৰুওৱা ৰংমালা গাঁৱৰ ৰাইজক এখনকৈ তিৰ্পাল দিয়েই দায়িত্ব সামৰিব নেকি চৰকাৰ তথা প্ৰশাসনে ? নতুন চৰকাৰৰ উন্নয়নৰ আঁচনিসমূহে ঢুকি পাবনে ৰংমালা গাঁৱৰ ৰাইজক ?

erosion in rangmala village
ৰংমালা গাঁওবাসীক তিৰ্পাল প্ৰদান

লগতে পঢ়ক : ক’ভিডেৰে যুঁজি অৱশেষত হাৰ মানিলে বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.