ETV Bharat / state

স্বাৱ ল'বলৈ আহি ডিব্ৰুগড়ত স্বাস্থ্যকৰ্মীৰ দুৰৱস্থা - স্বাৱ সংগ্ৰহ

কৰ'ণা আক্ৰান্ত পৰিয়ালৰ স্বাৱ সংগ্ৰহ কৰিবলৈ গৈ বিপাঙত পৰে স্বাস্থ্য বিভাগৰ দল তথা আৰক্ষী। চাহেৰা বেগম নামৰ এগৰাকী মহিলাৰ স্বাৱ সংগ্ৰহ কৰাৰ সময়তে উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

health worker facing problem at the time of swab test in dibrugarh

author img

By

Published : Jul 9, 2020, 5:39 AM IST

ডিব্ৰুগড়, 8 জুলাই : ডিব্ৰুগড় জিলাৰ পাঁচআলিত বুধবাৰে সৃষ্টি হয় চাঞ্চল্যকৰ পৰিস্থিতি । কৰ'ণা আক্ৰান্ত পৰিয়ালৰ স্বাৱ সংগ্ৰহ কৰিবলৈ গৈ বিপাঙত পৰে স্বাস্থ্য বিভাগৰ দল তথা আৰক্ষী। কেইবাঘণ্টা ধৰি এগৰাকী মহিলাই ব্যতিব্যস্ত কৰে স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ লোকক । পাঁচআলিৰ একেটা পৰিয়ালৰ তিনি জন লোক ক'ভিড-19ত আক্ৰান্ত হোৱাৰ পাচত পৰিয়ালৰ লোকৰ স্বাৱ সংগ্ৰহ কৰাৰ বাবে উপস্থিত হৈছিল স্বাস্থ্য বাবে ভাগৰ লোক । পৰিয়ালৰ অন্যান্য সকলে স্বাৱ দিয়ে যদিও চাহেৰা বেগম নামৰ এগৰাকী মহিলাৰ স্বাৱ সংগ্ৰহ কৰাৰ সময়তে উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

স্বাৱ ল'বলৈ আহি ডিব্ৰুগড়ত স্বাস্থ্যকৰ্মীৰ দুৰৱস্থা

স্বাস্থ্য বিভাগৰ লোকক স্বাৱ দিবলৈ অমান্তি হোৱা মহিলা গৰাকীক স্বাস্থ্য বিভাগৰ লোক, আৰক্ষী আৰু ওচৰ চুবুৰীয়াই বহু বুজায় যদিও আকোৰগোজ হৈ থাকে তেওঁ। ইতিমধ্য একেটা পৰিয়ালৰ তিনিজন লোকৰ দেহত covid-19 পোৱা গৈছে । কন্টেইনমেন্ট জ'ন ৰূপে চিহ্নিত বাসগৃহটোত ৩ ঘন্টা জুৰি আৰক্ষী, চিকিৎসক তথা নাৰ্চক বিপাঙত পেলায় মহিলা গৰাকীয়ে। পত্নীক স্বাৱ টেষ্ট কৰিবলৈ বুজায় বুজায় ভাগৰি পৰে তেওঁৰ স্বামী । কিন্তু কোনো কাৰণতে মহিলা গৰাকীয়ে টেষ্ট নকৰে। যাৰ ফলত খঙত জাঙুৰ খাই উঠে স্থানীয় ৰাইজো । অৱশেষত কোনো উপায়েৰে স্বাৱ সংগ্ৰহ কৰা হয় মহিলাগৰাকীয়ে ৷

লগতে পঢ়ক : COVID-19ত আক্ৰান্ত প্ৰাক্তন সাংসদ সুস্মিতা দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.