মৰাণ,১৬ ডিচেম্বৰ : পুনৰ চৰ্চাত অসম ক্ৰিকেট সন্থা । এইবাৰ অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ (ACA Ex-Secretary Pradeep Buragohain arrested)। বুধবাৰে নিশা ডিব্ৰুগড়ৰ টিংখাঙত গ্ৰেপ্তাৰ অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক গৰাকী । টিংখাং আৰক্ষীৰ সহযোগত গুৱাহাটী আৰক্ষীয়ে বাইলুংভেটিস্থিত বাসগৃহৰ পৰাই প্ৰদীপ বুঢ়াগোঁহাই ওৰফে নৱ গোঁহাইক আটক কৰে ।
উল্লেখ্য যে অসম ক্ৰিকেট সন্থাৰ বৃহৎ বিত্তীয় কেলেংকাৰীৰ সৈতে প্ৰদীপ বুঢ়াগোঁহাই জড়িত থকাৰ অভিযোগ উঠিছে । বিগত সপ্তাহত অসম ক্ৰিকেট সন্থাই গুৱাহাটীৰ ফটাশিল আৰক্ষী থানাত প্ৰাক্তন সম্পাদক গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । জানিব পৰা মতে ২০১৬ৰ পৰা ২০১৯ চনৰ ভিতৰত প্ৰায় ৫০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল অসম ক্ৰিকেট সন্থাত ।
কেলেংকাৰী সন্দৰ্ভত এক বিত্তীয় পৰ্যবেক্ষণ কমিটি গঠন কৰি দিয়া হৈছিল । সেই কমিটিৰ প্ৰতিবেদনত পোহৰলৈ আহিছিল প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইৰ নাম ।
লগতে পঢ়ক :মাটিৰ নথি জাল কৰি এইবাৰ ৰঙাঘৰত নগাঁৱৰ হাম এক গ্রুপৰ স্বত্বাধিকাৰী