মৰাণ,1 মে’: দেশৰ লগতে ডিব্ৰুগড় জিলাতো ক'ভিড ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ৷ বহু লোকে ইয়াক লৈ আজিও সজাগ হোৱা নাই ৷ ফলত সংক্ৰমণৰ হাৰ ব্যাপক ৰূপত বৃদ্ধি পাইছে ৷ চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে ৷ ইয়াৰ সমান্তৰালকৈ বহু বেচৰকাৰী সংগঠনে নিজস্ব প্ৰচেষ্টাৰে জনসাধাৰণক সজাগ কৰাৰ বাবে ভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷
শনিবাৰে আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি এনে একাংশ লোকক সহায়ৰ বাবে আগবাঢ়ি আহে ডিব্ৰুগড়ৰ সহায়ৰ হাত নামৰ বেচৰকাৰী সংগঠনতো ৷ জিলাখনৰ কেইগৰাকীমান যুৱতীয়ে বকপোৰা চাহ বাগিচাৰ ১৩ নং লাইনত ক'ভিড 19 ভাইৰাছ সম্পৰ্কত সজাগতা সৃষ্টিৰ উদ্দেশ্যে গ্ৰহণ কৰে একাংশ কাৰ্যসূচী ৷
বাগিচাখনৰ ৰাইজ বিশেষকৈ ৫৫ ৰ ঊৰ্ধৰ কেইবাগৰাকীও বৃদ্ধা মহিলাক সংগঠনটোৰ সদস্যাসকলে নিজ হাতে চেনিটাইজাৰ ব্যৱহাৰ কৰি হাত ধোৱাই দি, মুখত মাস্ক পৰিধান কৰিবলৈ দিয়াৰ লগতে মহিলাসকলৰ প্ৰয়োজনীয় বস্ত্ৰ প্ৰদান কৰি মানৱতাৰ পৰিচয় দাঙি ধৰে ৷