ETV Bharat / state

ৰাষ্ট্ৰীয় শিল্পকলা ক্ষেত্ৰত জিলিকিছে মৰাণৰ এগৰাকী চিত্ৰশিল্পী

author img

By

Published : Oct 28, 2020, 10:37 AM IST

দেশৰ এখনি লেখত ল’বলগীয়া শিল্পকলা প্ৰতিযোগিতাত মৰাণৰ চিত্ৰশিল্পী দেৱব্ৰত মহন্তই লাভ কৰিলে সোণৰ পদক ৷ পৰম্পৰাগত সাজপাৰ পৰিহিত আহোম জীয়ৰীৰ এখন চিত্ৰৰ বাবে চিত্ৰশিল্পী দেৱব্ৰত মহন্তই লাভ কৰিছে এই সোণৰ পদক ৷

Golden medal got by Artist Devabrat Mahanta in Moran
ৰাষ্ট্ৰীয় শিল্পকলা ক্ষেত্ৰত জিলিকিছে মৰাণৰ এগৰাকী চিত্ৰশিল্পী

মৰাণ,28 অক্টোবৰ : হাৰিয়ানাৰ ‘Rasrang Arts’ নামৰ শিল্পকলাৰ অনুষ্ঠানটোৱে ৰাষ্টীয় পৰ্যায়ত আয়োজন কৰা ‘Brilliant Brushes’ শীৰ্ষক অনলাইন প্ৰতিযোগিতাখনত মৰাণ মহিলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা তথা চিত্ৰশিল্পী দেৱব্ৰত মহন্তই সোণৰ পদক লাভ কৰি মৰাণৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ অনলাইনযোগে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ‘Best Painter’ৰ বঁটা লাভ কৰে তামিলনাডুৰ দেৱিকা চাটিয়েছ,পশ্চিম বংগৰ ৰবীন্দ্ৰ নাথ দাস আৰু হাৰিয়ানাৰ কমল কান্তে ৷

ইয়াৰোপৰি প্ৰতিযোগিতাখনিত ‘Maximum Like Awards’ অৰ্থাৎ ‘সৰ্বোচ্চ জনপ্ৰিয় বঁটা’ও ঘোষণা কৰা হৈছিল ৷ এই বঁটা লাভ কৰা তিনিগৰাকী প্ৰতিযোগী ক্ৰমে-পাঞ্জাৱৰ যশপ্ৰীত মোহন সিং,উত্তৰ প্ৰদেশৰ বিদুষী সিং আৰু হাৰিয়ানাৰ যোগিনা কুমাৰী ৷

উক্ত প্ৰতিযোগিতাত ‘Lady with A Candle’ শীৰ্ষক পৰম্পৰাগত সাজপাৰ পৰিহিত আহোম জীয়ৰীৰ চিত্ৰখনৰ বাবে মৰাণৰ চিত্ৰশিল্পী দেৱব্ৰত মহন্তই সোণৰ পদক প্ৰাপ্ত শিল্পীসকলৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে অলপতে মুক্তি পোৱা "নীলাখামৰ চিঠি" শীৰ্ষক এটা ভিডিঅ’ৰ জৰিয়তে এই চিত্ৰখন বিভিন্ন মাধ্যমত সম্প্ৰচাৰ হৈছে ৷

উল্লেখ্য যে,চিত্ৰশিল্পৰ জগতত দেখুওৱা বিশেষ কৃতিত্বৰ বাবে নতুন দিল্লীৰ আমিৰ সত্য ফাউণ্ডেচনে প্ৰৱক্তা দেৱব্ৰত মহন্তলৈ আগবঢ়াইছে এই বছৰৰ "গ্ল’বেল পাৰ্ছ’ নেলিটি অফ্‌ ইণ্ডিয়া সন্মান" ৷ বিগত বছৰত শ্ৰীলংকাৰ কলম্বোত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা মহন্তৰ চিত্ৰই ইতিমধ্যে ইজিপ্তৰ কাইৰো,ইণ্ডোনেছিয়া,নেদাৰলেণ্ড,হাংগেৰী,দক্ষিণ কোৰিয়া,ইটালীৰ কেম মিউজিয়াম আদিকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত হৈ আহিছে ৷

লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তত অব্যাহত মিজোৰ সন্ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.