ETV Bharat / state

ডিব্ৰুগড়ৰ ৰহমৰীয়াত জিঅ' বেগ আঁচনিৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ - Assam Tourism Corporation Chairman Rituparna Barua

ডিব্ৰুগড়ৰ ৰহমৰীয়াত দুখনকৈ জিঅ' বেগৰ আঁচনিৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ (Geo bag foundation stone by Himanta Biswa Sarma in Dibrugarh) । ৰহমৰীয়াবাসী ৰাইজৰ আন্দোলনৰ ফলত সুদীৰ্ঘ ২৩ বছৰ ধৰি বন্ধ হৈ থকা অইল ইণ্ডিয়াৰ তৈল খাদ মুকলি মুখ্যমন্ত্ৰীৰ ।

Dibrigarh
Dibrigarh
author img

By

Published : Aug 20, 2022, 8:14 PM IST

মৰাণ, ২০ আগষ্ট : শনিবাৰে ডিব্ৰুগড়ৰ ৰহমৰীয়াত দুখনকৈ জিঅ' বেগৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (geo bags scheme at Rahmaria in Dibrugarh) । ৰহমৰীয়াবাসী ৰাইজৰ আন্দোলনৰ ফলত সুদীৰ্ঘ ২৩ বছৰ ধৰি বন্ধ হৈ থকা অইল ইণ্ডিয়াৰ তৈল খাদটোও মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma inaugurated Oil India oil pit) ।

ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খাগৰিজান তৈলক্ষেত্ৰৰ পুনৰাৰম্ভ কৰাৰ (Chief Minister Himanta Biswa Sarma restarts Khagarijan oilfield) লগতে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ (State Disaster Mitigation Fund) অধীনত লিটিং গাঁৱৰ পৰা ৰহমৰীয়া গাঁৱলৈ আৰু ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ পুঁজিৰ অধীনত ৰহমৰীয়া গাঁৱৰ পৰা বৰতিচুক গাঁৱলৈ ৰূপায়ণ কৰিবলগীয়া আঁচনি দুখনৰ আধাৰশিলা স্থাপন কৰে (Chief Minister laid foundation stone of geo bags scheme) ।

ডিব্ৰুগড়ৰ ৰহমৰীয়াত জিঅ' বেগ আঁচনিৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

উল্লেখ্য, বিগত কংগ্ৰেছ চৰকাৰৰ (Congress government of Assam) দিনত ৰহমৰীয়াৰ বান-খহনীয়া সমস্যা স্থায়ী সমাধান নকৰাৰ বাবে ২৩ বছৰ অইল ইণ্ডিয়াৰ তৈল খাদটি বন্ধ কৰি ৰাখিছিল ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চই (Rahmaria Erosion Prevention Struggle Forum) । বিজেপি চৰকাৰ অহাৰ লগে লগে ৰহমৰীয়াৰ বান-খহনীয়াৰ দাবীসমূহ সমাধানৰ পথত আগবঢ়াই নি আজি পুনৰ ৰহমৰীয়াবাসী ৰাইজৰ আন্দোলনৰ ফলত সুদীৰ্ঘ ২৩ বছৰ ধৰি বন্ধ হৈ থকা অইল ইণ্ডিয়াৰ তৈল খাদটো মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে (BJP government of Assam) ।

উক্ত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী (central minister Rameswar Teli), লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ (Assam Tourism Corporation Chairman Rituparna Barua) লগতে অইল ইণ্ডিয়া লিমিটেডৰ (Oil India limited) বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বানত ক্ষতিগ্ৰস্ত লোকৰ বাবে সাহায্য পুঁজি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.