ডিব্ৰুগড়, ২ জুন : ক'ভিডৰ শেহতীয়া সংক্ৰমণে এটা কথা স্পষ্ট কৰিছে যে মহামাৰীৰ প্ৰতি সজাগ নোহোৱাৰ বাবেই ৰাজ্যত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । সেয়ে বিভিন্ন সময়ত স্বাস্থ্য বিভাগৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠানে ক'ভিডৰ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ।
![covid awarness](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11991956_671_11991956_1622641570355.png)
বুধবাৰে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে ক'ভিড সম্পৰ্কে এক ৰাজহুৱা সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে । ডিব্ৰুগড়ৰ সামাজিক, সাংস্কৃতিক, ক্ৰীড়া অনুষ্ঠান জ্ঞানদায়িনী সভাৰ প্ৰাংগনত জ্ঞানদায়িনীৰ সদস্য, অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ জেষ্ঠ চিকিৎসক ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱাই কেইজনমান সদস্যৰ উপস্থিতিত ক'ভিড সম্পৰ্কে আলোচনা কৰাৰ লগতে কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় ।
![covid awarness](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11991956_421_11991956_1622641544849.png)
উক্ত সভাত তেওঁ বৰ্তমান পৰিস্থিতিত আমি এই মহামাৰীৰ পৰা ৰক্ষা পাবলৈ পালন কৰিবলগীয়া নিয়ম সমূহৰ বিষয়েও অৱগত কৰে । লগতে জ্ঞানদায়িনীৰ সদস্যসকলক ৰাইজৰ মাজত এই নিয়মসমূহ পালন কৰিবলৈ তথা সজাগতা বৃদ্ধি কৰাৰ বাবে কিছু পৰামৰ্শ আগবঢ়ায় ।
উল্লেখ যে, জ্ঞানদায়িনী অনুষ্ঠানে বহু বছৰ ধৰি সমাজ জীৱনৰ বৃহত্তৰ স্বাৰ্থত জন সেৱাৰ কৰ্মৰ লগতে আধ্যাত্মিক চিন্তা চেতনাতো বিশ্বাসী এক নামজ্বলা অনুষ্ঠান ৰূপে খ্যাতি অৰ্জন কৰি আহিছে ।