ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বেই লাহোৱালত কংগ্ৰেছৰ জয় ঘোষণা গৌৰৱ গগৈৰ

মঙলবাৰে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ গৌৰৱ গগৈয়ে ৷ এইবেলি নিৰ্বাচনত লাহোৱালৰ পৰা মনোজ ধানোৱাৰ জয়ী হ’ব বুলি নিশ্চিত কৰিছে সাংসদ গগৈয়ে ৷

author img

By

Published : Mar 16, 2021, 9:19 PM IST

gaurav-gogoi
গৌৰৱ গগৈ

ডিব্ৰুগড়,16 মাৰ্চ: ডিব্ৰুগড়ৰ লাহোৱালত মঙলবাৰে কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদ গৌৰৱ গগৈয়ে ৷ উজনিত মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলোৱা সাংসদ গৌৰৱ গগৈৰ মুখত শুনা গৈছে সংস্কৃত শ্লোক । সংস্কৃত শ্লোক আৰম্ভ কৰি এইবেলি নিৰ্বাচনত লাহোৱালৰ পৰা মনোজ ধানোৱাৰ জয়ী হৈ বিধানসভালৈ যাব বুলি মন্তব্য কৰে সাংসদ গগৈয়ে ৷

তেওঁ কয় যে, ‘‘মই ঘোষণা কৰি দিছো লাহোৱাল আমাৰ, তথাপিও সংস্কৃতৰ এফাঁকি গুৰুত্বপূৰ্ণ শ্লোক আৰু তাৰ ভাঙনিৰে কওঁ কষ্ট কৰিলে ফল পাব ৷ শুই থকা বাঘৰ মুখত কোনেও জন্তু সোমাই নিদিয়ে ৷ সেয়েহে আমি কষ্ট কৰিছো’’ ।

সাংসদ গৰাকীয়ে মহাজোঁট বন্ধনৰ প্ৰসংগত কয় যে, ‘‘আজিৰ তাৰিখত মই আসনৰ ফিগাৰত আগবাঢ়ি গৈছো ৷ চৰকাৰ আহি গ’ল, এতিয়া কেবিনেট মিটিঙত 5 টা গেৰাণ্টিৰ ভিতৰত কোনটো প্ৰথমে ৰূপায়ণ কৰিব লাগিব তাৰ বাবেহে মোৰ চিন্তা ৷ আসনৰ কথা বিজেপিয়ে চিন্তা কৰক । কোন ক’ত থাকিব, কোন নাথাকিব’’ ।

গৌৰৱ গগৈ

ডিব্ৰুগড়ৰ লাহোৱালৰ উক্ত সভাত উদাত্ত ভাষণেৰে বিজেপিক তীব্ৰ আক্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই গৌৰৱ গগৈয়ে । এপদ সামগ্ৰীত দাম কমোৱাৰ অজুহাত দেখুৱাই আন এপদত বৃহৎ পৰিমাণে পইচা লৈ ৰাইজৰ পৰা লুটেৰা চৰকাৰে গেছ চিলিণ্ডাৰ, কৰ, বিদ্যুৎ মাচুল, চাহ শ্ৰমিকৰ মজুৰি আদি প্ৰসংগক সাঙুৰি বিজেপিক শব্দবাণেৰে আক্ৰমণ কৰে সাংসদ গগৈয়ে ৷

ইফালে লাহোৱালত নিজৰ জয় 100 শতাংশ নিশ্চিত বুলি উল্লেখ কৰি প্ৰাৰ্থী ধানোৱাৰে কয় যে, লাহোৱালত এতিয়া বিজেপিত চলিছে অন্তঃকন্দল । বিজেপিত থাকিও বিজেপিৰ ভিতৰৰ বহু মানুহে মনোজ ধানোৱাৰক জিকাবলৈ সহায় কৰি আছে । ইফালে লক্ষণীয়ভাৱে মনোজ ধানোৱাৰৰ প্ৰতিখন নিৰ্বাচনী সভাত বিজেপি, মিত্ৰদল অগপকে ধৰি বিভিন্ন সংগঠনৰ সদস্য বিষয়ববীয়া-কৰ্মীয়ে যোগদান কৰিছে । মঙলবাৰৰ সভাতো বিজেপি, অগপৰ লগতে কেইবাটাও সংগঠনৰ সদস্যই কংগ্ৰেছত যোগদান কৰে ।

উল্লেখ্য যে, এসময়ৰ কংগ্ৰেছৰ দুৰ্গ লাহোৱাল বিগত বিধানসভা নিৰ্বাচনত বিজেপিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ হাতলৈ গৈছিল ৷ এইবাৰ ঋতুপৰ্ণ বৰুৱাৰ পৰিৱৰ্তে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পাচৰে পৰা সমষ্টিটোত বিজেপিৰ ভিতৰচ’ৰাত তীব্ৰ অন্তঃকন্দলে দেখা দিয়া পৰিলক্ষিত হৈছে ৷ যাৰ ফলস্বৰূপে সমষ্টিটোত নিৰ্বাচনী ঢৌ কোনফালে যাব, সেয়া ঠিৰাং কৰাতো কঠিন হৈ পৰিছে ৷

লগতে পঢ়ক: ৰাইজৰ দলৰ ৫ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.