মৰাণ, 6 জুলাই : ডিব্ৰুগড় (Dibrugarh)জিলাৰ লেঙেৰীত সোমবাৰে সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই এটা বৃহৎ জুৱাৰ ঘাটি (Gambling Base) উৎখাত কৰে ৷ ডিব্ৰুগড় আৰু মৰাণ আৰক্ষী (Dibrugarh and Moran Police)ৰ এটা বৃহৎ দলে অভিযানৰ সময়ত ১৫ টা জুৱাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী (Dibrugarh and Moran Police)ৰ দলটোৱে জুৱাৰীৰ দলটোৰ পৰা প্ৰায় ২৫,০৮৯ টকাৰ লগতে এ এছ ০৪ আৰ ৬৩২৪ নম্বৰৰ এখন ইয়ন গাড়ী আৰু এ এছ ০৬ এ বি ১৪৬১ নম্বৰৰ এখন স্কুটী জব্দ কৰে ৷
![মৰাণৰ লেঙেৰীত বৃহৎ জুৱাৰ ঘাটি উৎখাত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-808to8011-gamblingdenofmorandestroyed-as10031_06072021102005_0607f_1625547005_23.jpg)
আৰক্ষীৰ দলটোৱে আটক কৰা জুৱাৰীকেইটা ক্ৰমে মনোজ গগৈ (২৫), মুন সোণোৱাল (৩০), সীমান্ত গগৈ (২৯), মুস্তাফিজোৰ ৰহমান (৩২), ৰাজা কোচ (৩০), বিতোপন ভূঞা (২৯), ৰিহাজ হুছেইন (২৭), মনোৰঞ্জন ফুকন (২৮), আব্দুল ৰাজাক (৩০), প্ৰাঞ্জল গগৈ (৪৫), নৱজ্যোতি গন্ধীয়া ফুকন (৩৭), ডিম্বেশ্বৰ শেনচোৱা (৩১), উপেন সন্দিকৈ (৪০), আনন্দ গগৈ (৪১) আৰু অংকিত গুপ্তা (২২) ৷ ধৃত জুৱাৰীকেইটাৰ কেইবাটাও টিংখাং অঞ্চলৰ যদিও ডিব্ৰুগড়, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰো কেইবাটাও জুৱাৰী আছে ৷ সান্ধ্য আইন (Night Curfew)ৰ মাজতে চলি আছিল এই জুৱাৰ আড্ডা (Gambling) ৷
![মৰাণৰ লেঙেৰীত বৃহৎ জুৱাৰ ঘাটি উৎখাত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-808to8011-gamblingdenofmorandestroyed-as10031_06072021102005_0607f_1625547005_117.jpg)
বামুণবাৰী আৰক্ষী চকীৰ ছত্ৰছায়াত দীৰ্ঘদিন ধৰি অঞ্চলটোত মদ-জুৱাকে আদি কৰি বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপন হৈছে ৷
![মৰাণৰ লেঙেৰীত বৃহৎ জুৱাৰ ঘাটি উৎখাত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-808to8011-gamblingdenofmorandestroyed-as10031_06072021102005_0607f_1625547005_983.jpg)
অভিযোগ অনুসৰি, স্থানীয় আৰক্ষীয়ে বৃহৎ অংকৰ কমিচনৰ বিনিময়ত এই অসামাজিক কাৰ্যকলাপ চলাই যাবলৈ অলিখিত অনুজ্ঞাপত্ৰ প্ৰদান কৰি আহিছে ৷ উল্লেখ্য যে, বিগত কিছুদিন ধৰি নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী (Assam Police) ৷ যাৰ বাবে প্ৰতিদিনে আৰক্ষী (Police)ৰ কবলত পৰিছে সুৰা (Lequor), ড্ৰাগছ (Drug), গাঞ্জা (Ganja)আদি নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰী (Drugs Smuggler) ৷
লগতে পঢ়ক : 50 ৰ সলনি 65 শতাংশ যাত্ৰী কঢ়িয়াব পৰিব ঘৰুৱা বিমানে