মৰাণ,৯ ফেব্ৰুৱাৰী: চৰকাৰী বিদ্য়ালয়ৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ লগতে শিক্ষাৰ্থীৰ সুবিধাৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য় চৰকাৰে । যাতে শিক্ষাৰ্থীয়ে বিশুদ্ধ খোৱা পানী লাভ কৰিব পাৰে তাৰ বাবেও বিভিন্ন জিলাৰ শিক্ষানুষ্ঠানসমূহত বিশেষ ব্য়ৱস্থা গ্ৰহণ কৰিছে চৰকাৰে । তাৰ অংশস্বৰূপে সোমবাৰে মৰাণৰ দুখনকৈ বিদ্যালয়ত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে বিধায়ক চক্ৰধৰ গগৈয়ে ।
![মৰাণৰ দুখন বিদ্যালয়ত শিক্ষাৰ্থীৰ বাবে বিশুদ্ধ খোৱাপানী ব্য়ৱস্থাৰ কাম আৰম্ভ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8012to8015-mlachakradhargogoiinauguratedconstructionoffreshdrinkingwaterprocessattwoschools-as10031_09022021131143_0902f_1612856503_1096.jpg)
ডিব্ৰুগড়ৰ মৰাণ বিধানসভা সমষ্টিৰ গজপুৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত গজপুৰীয়া উচ্চ মাধ্যমিক বিদ্যালয় আৰু তিলৈ নগৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত তিলৈ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত বিশুদ্ধ খোৱা পানী ব্যৱস্থাৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে । উক্ত অনুষ্ঠানত জিলা পৰিষদৰ সদস্যা শিখামণি তামুলীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকসকল আৰু অভিভাৱকৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক:মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ