ETV Bharat / state

Wheat seeds recovered : দুৰ্নীতিমুক্ত অসমত বিনামূলীয়া ঘেঁহুৰ বীজৰ ক’লা বেহা - illegal market in assam

কৃষকলৈ অনুমোদিত চৰকাৰী ঘেঁহুৰ বীজ উদ্ধাৰ হ'ল মৰাণৰ শ্যাম ইণ্ডাষ্ট্ৰীৰ গুদাম ঘৰত ৷ প্ৰায় 36 বেগ ঘেঁহুৰ বীজ উদ্ধাৰ কৰা হয় মৰাণৰ শ্যাম ইণ্ডাষ্ট্ৰীৰ গুদাম ঘৰত ৷ নিশাই গুদাম ঘৰ ছীল কৰিলে প্ৰশাসনে ৷

wheat seeds recovered
চৰকাৰী ঘেঁহুৰ বীজ উদ্ধাৰ
author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 11:09 AM IST

চৰকাৰী ঘেঁহুৰ বীজ উদ্ধাৰ

ডিব্ৰুগড়, 15 অক্টোবৰ: ডিব্ৰুগড়ত ঘেঁহুৰ বীজৰ অবৈধ ব্যৱসায় ৷ দৰিদ্ৰ কৃষকৰ বাবে অহা ঘেঁহুৰ বীজ মৰাণত ওলাইছে শ্যাম ইণ্ডাষ্ট্ৰীজৰ গুদামত । মাত্ৰ 35 হাজাৰ টকাত কোনো দুষ্ট চক্ৰই প্ৰায় 36 বেগ ঘেঁহুৰ বীজ বিক্ৰী কৰিছে বুলি অবিযোগ উঠিছে । উদ্ধাৰ হোৱা বস্তাসমূহত Not for Sale বুলি লিখা আছে বুলি প্ৰত্যক্ষদৰ্শীয়ে জনায় ।

উত্থাপিত অভিযোগ অনুসৰি, ডিব্ৰুগড় জিলাৰ কোনো বাবুল নেৱাৰ আৰু মৰাণৰ জনৈক পাণ্ডে উপাধিধাৰী দুজনৰ পৰা বীজখিনি ক্ৰয় কৰাৰ কথা স্বীকাৰ কৰিছে ইণ্ডাষ্ট্ৰীজৰ স্বত্বাধিকাৰী আৰু কৃষি বিভাগৰ হৈ কাম কৰা লোকে । ডিব্ৰুগড় জিলাৰ মৰাণ নগৰৰ মাজমজিয়াত অৱস্থিত শ্যাম ইণ্ডাষ্ট্ৰীজত পশু খাদ্যৰ বাবে এগৰাকী লোকে তুঁহ গুৰি আনিবৰ বাবে গুদাম ঘৰটোলৈ যায় আৰু তেতিয়াই কৃষি বিভাগৰ ঘেঁহুৰ বীজৰ ছীল মৰা বস্তা প্ৰত্যক্ষ কৰি লোকজনে আৰক্ষীক খবৰ দিয়ে ৷

ইয়াৰ পিচতে উদ্ধাৰ কৰা হয় কৃষি বিভাগৰ ছীল মৰা প্ৰায় 36 বেগ ঘেঁহুৰ বীজ । পিছত কৃষি বিভাগৰ বিষয়াই এই ঘেঁহুৰ বীজবোৰ কৃষকৰ বাবে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । মৰাণৰ চক্ৰ বিষয়াৰ উপস্থিতিত নিশাই ছীল কৰি দিয়া হয় শ্যাম ইণ্ডাষ্ট্ৰীজৰ গুদাম ঘৰ ।

এতিয়া প্ৰশ্ন হয় যদি বীজসমূহ কৃষকৰ বাবে কৃষি বিভাগে প্ৰেৰণ কৰিছে তেন্তে কেনেদৰে মৰাণৰ ব্যৱসায়ীৰ গুদামৰ পৰা উদ্ধাৰ কৰা হ’ল ৷ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল চৰকাৰখনে তথা কৃষি মন্ত্ৰী অতুল বৰাই বাবুল নেৱাৰ আৰু জনৈক পাণ্ডেৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় বিষয় । লক্ষণীয় বিষয় যে, কৃষি বিষয়াৰ সহযোগিতা অবিহনে বৃহৎ পৰিমাণৰ ঘেঁহুৰ বীজ ক’লা বজাৰত বিক্ৰী কৰাটো সম্ভৱ নহয় ।

লগতে পঢ়ক : Body recovered in Nagaon: ৰূপহীহাটৰ সোনাই নদীত যুৱকৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.