ETV Bharat / state

Be aware of Fake Facebook account: CRPF জোৱানৰ নামত ভুৱা একাউণ্ট খুলি ধন দাবী অসাধু চক্ৰৰ

author img

By

Published : Jun 26, 2023, 5:59 PM IST

ফেচবুক একাউণ্টৰ পৰা বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰোঁতে সাৱধান হওক ৷ এইবাৰ ডিব্ৰুগড়ত CRPF জোৱানৰ নামত ফেক একাউণ্ট খুলি প্ৰৱঞ্চনাৰ বৃহৎ জাল পেলাইছে একাংশ অসাধু চক্ৰই ৷

Fraudulent circle demands money by opening fake account in the name of CRPF jawan
CRPF জোৱানৰ নামত ভুৱা একাউণ্ট খুলি ধন দাবী অসাধু চক্ৰৰ
ভুৱা একাউণ্ট খুলি ধন দাবী অসাধু চক্ৰৰ

মৰাণ, 26 জুন : ৰাজ্যজুৰি চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ৷ ইয়াৰ মাজতে এইবাৰ ডিব্ৰুগড়ত চাইবাৰ অপৰাধীৰ নতুন কৌশল ৷ এইবাৰ ডিব্ৰুগড়ত CRPF জোৱানৰ নামত ফেক একাউণ্ট খুলি প্ৰৱঞ্চনাৰ বৃহৎ জাল পেলাইছে একাংশ অসাধু চক্ৰই ৷ সামাজিক মাধ্যমত প্ৰলোভন দি লুটিছে লাখ লাখ টকা ৷ শেহতীয়াকৈ সক্ৰিয় হৈ উঠা এই দালাল চক্ৰই নিদ্ৰা হৰণ কৰিছে এতিয়া ডিব্ৰুগড় আৰক্ষীৰ ৷

ঘটনা অনুসৰি এই চক্ৰটোৱে প্ৰথমতে সামাজিক মাধ্যমত অতি কৌশলপূৰ্ণভাৱে টাৰ্গেট কৰি লয় সহজ সৰল লোকক ৷ চতুৰ চক্ৰটোৱে স্থানীয় থানাৰ আৰক্ষী বিষয়া বা কোনো সম্ভ্ৰান্ত লোকৰ নামত ফেচবুকত একাউণ্ট খুলি প্ৰথমে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ায় ৷ বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিচতেই মেচেঞ্জাৰত সেই লোকজনৰ নম্বৰ বিচাৰে ৷ ইয়াৰ পাচতে হোৱাটছ এপযোগে আৰম্ভ হয় ঠগ প্ৰৱঞ্চনাৰ আচল খেলা ৷

পোন প্ৰথমে হোৱাটচ এপত গতানুগতিক কথা বাৰ্তা চলিব ৷ ইয়াৰ মাজতে আহে এটা মেছেজ৷ "মোৰ এজন চিনাকি CRPF বিষয়াৰ চাকৰিৰ স্থান বদলি হৈছে৷ তেওঁ কোৱাৰ্টাৰত ব্যৱহৃত সামগ্ৰী টিভি, ফ্ৰীজ, ৱাচিং মেচিন, বিচনা, আলমাৰি আদি কম মূল্যতে বিক্ৰী কৰিব খুজিছে ৷ আপুনি ল'বলৈ ইচ্ছুক নেকি ৷" এই মেছেজৰ পিচতেই আপোনালৈ পঠাব আচবাবসমূহৰ ফটো ৷

আচবাবসমূহৰ ফটোসমূহ দেখি আপুনি দামৰ কথা সুধিলেই জালত পৰাটো নিশ্চিত ৷ এই কথা খোদ জানিবলৈ দিয়ে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ এজন ভুক্তভোগীয়ে ৷ ডিব্ৰুগড়ৰ লাহোৱালৰ এজন যুৱক পৰিছিল এই চক্ৰটোৰ জালত ৷ যুৱকজনক আচবাবখিনিৰ মূল্য একাউণ্টত দিবলৈ কোৱাৰ পিচতে তেওঁৰ সন্দেহ উপজে ৷ লগে লগে তেওঁ স্থানীয় আৰক্ষী বিষয়াজনৰ সৈতে যোগাযোগ কৰাত উৰহি গছৰ ওৰ ওলাই পৰে ৷

আৰক্ষী বিষয়াজনে এই কথা শুনি যুৱকজনক ধন দিবলৈ মানা কৰি এনেদৰে তেওঁৰ নামত ভুৱা একাউণ্ট খুলি অন্য লোকৰ পৰাও প্ৰায় 86 হাজাৰ ধন বিচৰাৰ কথা প্ৰকাশ কৰে ৷

জানিব পৰা মতে এই ভুৱা একাউণ্টৰ জড়িয়তে চক্ৰটোৱে বহু লোকক জালত পেলাই লাখ লাখ টকা লুটি অহা বুলি অৱগত কৰে ৷ তাৰ পিচতে ভুক্তভোগী যুৱকজনে আৰক্ষীৰ কাষ চাপে ৷ ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে চক্ৰটোক কৰায়ত্ত কৰিবলৈ অভিযান চলাই আছে যদিও বৰ্তমানলৈকে সফল হ'ব পৰা নাই ৷

লগতে পঢ়ক: Kerala murder case : মালিকনীত হত্যা কৰি পলায়ন, ২৭ বছৰৰ পাছত পুনৰ গ্ৰেপ্তাৰ পৰিচাৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.