ETV Bharat / state

Eviction in Charaidew : প্ৰশাসনৰ সন্মুখতে আত্মজাহৰ ভাবুকি চাৰিটা পৰিয়ালৰ

author img

By

Published : Jul 15, 2022, 11:03 PM IST

মৰাণত গেছ, কেৰাচিন লৈ আত্মজাহৰ ভাবুকি চাৰি পৰিয়ালৰ ৷ দণ্ডাধীশৰ নিৰ্দেশত চাহ শ্ৰমিকৰ ভূমিত উচ্ছেদ কৰিব আহি ৰহস্যজনকভাৱে ঘূৰি যাব লগা হ'ল প্ৰশাসন (Four Family of Moran may attempt suicide for eviction)৷

Eviction in Charaidew
প্ৰশাসনৰ সন্মুখতে আত্মজাহৰ ভাবুকি চাৰিটা পৰিয়ালৰ

ডিব্ৰুগড়, 15 জুলাই : শুকুৰবাৰে চৰাইদেউ জিলাৰ মৰাণৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত খটখটিত চৰাইদেউ জিলা দণ্ডাধীশৰ নিৰ্দেশ অনুসৰি প্ৰশাসনে চাহ শ্ৰমিকৰ চাৰিটা পৰিয়ালৰ 11 বিঘা 3 লোচা মাটি উচ্ছেদ কৰিবলৈ আহে ৷ ফলত এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত হৈ পৰে পৰিয়ালটিৰ লগতে মৰাণৰ চাহ জনগোষ্ঠীয় সংগঠন ।

আনকি যদিহে প্ৰশাসনে উচ্ছেদ কৰে, তেন্তে মৰাণহাট আৰক্ষী, CRPF ৰ লগতে JCB ৰে সু-সজ্জিত হৈ অহা প্ৰশাসনৰ সন্মুখতে গেছ, কেৰাচিন তেলৰে জুই লগাই আত্মজাহ দিয়াৰ হুংকাৰ প্ৰদান কৰে ভুক্তভোগী পৰিয়ালকেইটাই (Four Family of Moran may attempt suicide for eviction)৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ ৷

ভুক্তভোগী পৰিয়াল কেইটাই অভিযোগ অনুসৰি, মৰাণৰ সমীপৰ চেপনৰ কুলেশ তালুকদাৰ নামৰ লোকজনে বিটুল চাওৰা, টিংকু চাওৰা, ৰামু চাওৰা আৰু ৰবিন চাওৰাৰ পিতৃৰ পৰা অতি কৌশলৰে এক বিঘা মাটি কিনিছিল । কিন্তু অতি কৌশলগত ভাৱে কুলেশ তালুকদাৰে আইনী মেৰপেচেৰে পৰিয়ালকেইটাৰ সম্পূৰ্ণ 11 বিঘা 3 লোচা মাটি নিজৰ নামত নাম জাৰি কৰি লয় বুলি পৰিয়ালকেইটাই জানিব দিয়ে ।

ভুক্তভোগী পৰিয়ালকেইটাই উল্লেখ কৰা অনুসৰি, ইফালে পৰিয়ালকেইটাক কোনো আগজাননী নিদিয়াকৈ চৰাইদেউ জিলা দণ্ডাধীশৰ নিৰ্দেশত উচ্ছেদ চলাবলৈ আহিছিল (Eviction in Charaidew) ৷ ইতিমধ্যে এই সন্দৰ্ভত ভুক্তভোগী দৰিদ্ৰ পৰিয়াল কেইটায়ে চাহ জনগোষ্ঠীয় সংগঠনৰ সহযোগত দ্বিতীয়বাৰলৈ আদালতৰ কাষ চাপিছে । ইফালে উত্তেজিত ৰাইজক দেখি সম্পূৰ্ণ সু-সজ্জিত হৈ অহা প্ৰশাসনে ঘূৰি যাবলৈ বাধ্য হয় ৷

লগতে পঢ়ক : Eviction at Rangapara: ৰে’লৱে প্ৰশাসনৰ উচ্ছেদত দিশাহাৰা ৰঙাপৰাৰ 42 জন ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.