ETV Bharat / state

খোৱাং আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ বন মহোৎসৱ উদযাপন - মৰাণ

বৃক্ষ ৰোপন কাৰ্যসূচীত মৰাণৰ বিধায়ক চক্ৰ গগৈ, জিলা বন বিষয়া প্ৰদিত বৰুৱা, খোৱাং আৰক্ষী চকীৰ আৰক্ষী বিষয়া, খোৱাং বন বিষয়া কাৰ্যালয়ৰ বন বিষয়া শান্তনু গগৈৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।

Forest Festival celebrated  in Khowang
খোৱাং আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ বন মহোৎসৱ উদযাপন
author img

By

Published : Jul 7, 2020, 8:21 AM IST

মৰাণ, ৬ জুলাই : ক'ৰণা আতংকৰ মাজতে খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে সোমবাৰে উদযাপন কৰে ৭১ তম বন মহোৎসৱ । খোৱাঙৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় তিনি কিল'মিটাৰৰ ভিতৰত মৰিয়া আলিৰ দুই পাৰে বন কৰ্মীসকলে ৰোপন কৰে কৃষ্ণচূড়া, সোনাৰু, অৰ্জুনকে ধৰি কেইবাবিধ মূল্যৱান গছৰ পুলি ।‌

খোৱাং আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ বন মহোৎসৱ উদযাপন

খোৱাং আঞ্চলিক বন বিভাগে ১ জুলাই পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে উদযাপন কৰে ৭১ তম বন মহোৎসৱ ৷ বন মহোৎসৱৰ লগত সংগতি ৰাখি সোমবাৰে আয়োজন কৰা বৃক্ষ ৰোপন কাৰ্যসূচীত মৰাণৰ বিধায়ক চক্ৰ গগৈ, জিলা বন বিষয়া প্ৰদিত বৰুৱা, খোৱাং আৰক্ষী চকীৰ আৰক্ষী বিষয়া, খোৱাং বন বিষয়া কাৰ্যালয়ৰ বন বিষয়া শান্তনু গগৈৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে । বৃক্ষ ৰোপন কৰি মৰাণ বিধায়ক চক্ৰ গগৈয়ে কয় যে, "গছ থাকিলেহে মানুহ জীয়াই থাকিব" এই কথাষাৰ শুনিবলৈ সৰু যেন লাগিলেও আজি সমাজৰ বাবে ইয়াৰ গুৰুত্ব আৰু গভীৰতা অধিক । ই আমাক জীয়াই থকাৰ প্ৰেৰণা দিয়ে । তেওঁ লগতে কয় যে বন সংৰক্ষণ, বৃক্ষ ৰোপন সজাগতাৰ ক্ষেত্ৰত যি ধৰণেৰে প্ৰচাৰ হ'ব লাগিছিল সেই পৰিবেশ আজিও গঢ়ি উঠা নাই । ফলত বন ধ্বংস কৰিবলৈ আজি কিছু সংখ্যক লোকে অলপো কুণ্ঠাবোধ নকৰে । যিটো আৰু সমাজৰ বাবে দুৰ্ভাগ্য ।

আনহাতে জিলা বন বিষয়া প্ৰদিত বৰুৱায়ে গছপুলি ৰোপন কৰি কয় যে, পৰিৱেশ সেউজীয়া কৰি ৰখাৰ বাবে বন বিভাগ সদায় দায়বদ্ধ । ডিব্ৰুগড় জিলাৰ লগতে খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত সকলো অঞ্চল সেউজীয়া কৰি ৰখাৰ বাবে বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে । ইয়াত ৰাইজৰ পূৰ্ণ সহযোগিতা হ'লেহে এইয়া সম্ভৱ হ'ব বুলি উল্লেখ কৰে জিলা বন বিষয়াগৰাকীয়ে । তেওঁ উপস্থিত ৰাইজক বন সংৰক্ষণ আৰু বৃক্ষ ৰোপনত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক : হাফলঙত লক ডাউন ভংগ ৰাইজৰ: অসহায় আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.