ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুই বিদেশী ছাত্ৰৰ দেহত অ’মিক্ৰণৰ সন্দেহজনক অৱস্থিতি - suspected to be omicron positive

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ দেহত অ’মিক্ৰনৰ সন্দেহজনক অৱস্থিতি (Suspected omicron positivity in Dibrugarh university student ) ৷ শৰীৰত অমিক্ৰণৰ অৱস্থিতি ধৰা পৰা দুয়োজন ছাত্ৰই বিদেশী ৷

two-foreign-students-of-dibrugarh-university-are-suspected-to-be-omicron-positive
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুই বিদেশী ছাত্ৰৰ দেহত অমিক্ৰণৰ সন্দেহজনক অৱস্থিতি
author img

By

Published : Dec 28, 2021, 5:47 PM IST

মৰাণ, 28 ডিচেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী বিদেশী ছাত্ৰৰ দেহত ক'ভিডৰ নতুন ভেৰিয়েন্ট অমিক্ৰণৰ সন্দেহজনক অৱস্থিতি ধৰা পৰা বুলি জানিব পৰা গৈছে (Suspected omicron positivity in Dibrugarh university student ) । উল্লেখযোগ্য যে, আফ্ৰিকাৰ এজন ছাত্ৰক কৰা ৮ দিনৰ পৰীক্ষাৰ অন্তত ধৰা পৰিছে অ’মিক্ৰণৰ অৱস্থিতি (Omicron positive foreign student ) । আইচিএমআৰৰ টেষ্টত ছাত্ৰজনৰ দেহত অমিক্ৰমণৰ অৱস্থিতি চিনাক্ত কৰিলেও নিশ্চিত ফলাফলৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে নমুনা ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুই বিদেশী ছাত্ৰৰ দেহত অমিক্ৰণৰ সন্দেহজনক অৱস্থিতি

সোমবাৰে, স্বাস্থ্য বিভাগে বিদেশী ছাত্ৰজনৰ সংস্পৰ্শলৈ অহা কেইবাজনো ছাত্ৰক কন্ট্ৰেক্ট ট্ৰেচিং সম্পূৰ্ণ কৰিছে । এই কন্ট্ৰেক্ট ট্ৰেচিঙত আন এজন ছাত্ৰৰ শৰীৰত পোৱা হৈছে ৰে’ড পজিটিভ । এই ছাত্ৰজনো বিদেশী ছাত্ৰ বুলি জনাইছে স্বাস্থ্য বিভাগে । আনহাতে এই ছাত্ৰজনৰ নাই কোনো ভ্ৰমণ বৃত্তান্ত । ইতিমধ্যে, আটাইকেইজনৰ নমুনা যোৰহাটলৈ প্ৰেৰণ কৰাৰ কথা প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে ।

তিনি-চাৰিদিনৰ পিছতে ইয়াৰ নিশ্চিত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলিও অৱগত কৰিছে স্বাস্থ্য বিভাগে । ইফালে, অমিক্ৰমণ পজিটিভ বুলি সন্দেহ কৰা দুই ছাত্ৰক জকাই মডেল হস্পিতালত সম্পূৰ্ণ আছুতীয়া কক্ষত ৰখা হৈছে বুলি ডিব্ৰুগড়ৰ নডেল বিষয়া গৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Flight cancelled due to Covid 19 : বৰদিনৰ প্ৰাকমূহুৰ্তৰ পৰা বৰ্তমানলৈকে ১১,৫০০ খন বিমানৰ যাত্ৰা বাতিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.