টিংখাং,১২ মে': সম্প্ৰতি ৰাজ্যৰ ন ন অঞ্চলত ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ হৈছে । সংক্ৰমণ ৰোধৰ উপায় হিচাপে বহু অঞ্চল কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে । কিছুদিন পূৰ্বে ডিব্ৰুগড়ৰ টিংখাঙৰ লেঙেৰী অঞ্চলৰ ন-খাট গাঁৱত ১০০ জন ৰোগী চিনাক্ত হোৱাৰ পিছতে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছিল প্ৰশাসনে ।
শেহতীয়াকৈ ন-খাটত খাদ্য সামগ্ৰীৰ লগতে প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰিছে ৰেডক্ৰছ ছ'চাইটি অৱ ইণ্ডিয়াই । বৰ্তমান গাঁওখনত ৫৭ জন সক্ৰিয় কৰ'ণা আক্ৰান্ত ৰোগী আছে ।
কণ্টেইনমেণ্ট জ'নলৈ পৰিণত হোৱা গাঁৱখনৰ লোকসকলৰ পৰা যাতে কাষৰীয়া গাঁৱসমূহলৈ মহামাৰীৰ সংক্ৰমণ ঘটিব নোৱাৰে, সেইক্ষেত্ৰত লেঙেৰী, চাউদাং, চাংমাই, লাহোৱাল, উজনি নামদাং, গৰুহৰা, নলনী চমুৱা, ন-খাট আদি অঞ্চলৰ গাঁৱৰক্ষী বাহিনীয়ে বিশেষ গুৰুত্ব আৰোপ কৰিছে ৷
এনে জটিল পৰিস্থিতিৰ বাবে গাঁৱখনৰ দিন-হাজিৰা কৰা লোকসকল সংকটত পৰিছে ৷ সেয়ে ৰেডক্ৰছ ছ'চাইটি অৱ ইণ্ডিয়াৰ চৰাইদেউ জিলা সমিতি আৰু মৰাণ গোটৰ বিষয়ববীয়াই গাঁৱখনৰ ক'ভিড আক্ৰান্ত লোকৰ পৰিয়াললৈ খাদ্য সামগ্ৰীৰ লগতে চাবোন আদি গাঁৱৰক্ষী বাহিনীৰ সমিতিসমূহৰ জৰিয়তে বিতৰণ কৰে ৷
লগতে পঢ়ক: বৰগোহাঞিৰ মহাপ্ৰয়াণত শোকস্তব্ধ প্ৰধানমন্ত্ৰী