ETV Bharat / state

আংশিক লকডাউনৰ মাজতে ৰাজপথত কি কৰিছে মৰাণৰ ব্যৱসায়ীয়ে ?

আংশিক লকডাউন আৰু সান্ধ্য আইনৰ বাবে দিনৰ 11 বজাতে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ হৈ পৰাত লঘোণে দিন কটাবলগীয়া হৈছে পদপথত থকা লোক সকলে ৷ মহামাৰীৰ এই ভয়াৱহ সময়তচোৱাত অনাহাৰে থকা লোকসকলক এসাঁজ খুওৱাৰ বাবে বিভিন্ন সময়ত ভিন্ন জনে ওলাই অহাৰ লগতে বুধবাৰে মৰাণৰ পদপথত দিন কটোৱা লোকসকলৰ বাবে এমুঠি খাদ্যৰ যোগান ধৰাৰ উদ্দেশ্যে পদ পথলৈ ওলাই আহিল মৰাণৰ ব্য়ৱসায়ী তথা স্থানীয় দল-সংগঠন ৷

author img

By

Published : Jun 4, 2021, 10:08 AM IST

আংশিক লকডাউনৰ মাজতে ৰাজপথত কি কৰিছে মৰাণৰ ব্যৱসায়ীয়ে ?
আংশিক লকডাউনৰ মাজতে ৰাজপথত কি কৰিছে মৰাণৰ ব্যৱসায়ীয়ে ?

মৰাণ,4 জুন: ৰাজ্যৰ চৌদিশে কৰ'ণাৰ দ্বিতীয় ঢৌ(second wave of corona)ৱে সংহাৰী ৰূপ ধাৰণ কৰাত স্তব্ধ হৈ পৰিছে জনজীৱন ৷ আংশিক লকডাউন(Partial Lockdown) আৰু সান্ধ্য আইনে বহুতৰে জীৱনলৈ অন্ধকাৰ নমাই অনাৰ সময়তে অনাহাৰে দিন কটাবলগীয়াও হৈছে বহু জনে ৷ বিশেষকৈ দিনৰ 11 বজাতে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ হৈ পৰাত লঘোণে দিন কটাবলগীয়া হৈছে পদপথত থকা লোক সকলে ৷ মহামাৰীৰ এই ভয়াৱহ সময়তচোৱাত অনাহাৰে থকা লোকসকলক এসাঁজ খুওৱাৰ বাবে বিভিন্ন সময়ত ভিন্ন জনে ওলাই অহাৰ লগতে বুধবাৰে মৰাণৰ পদপথত দিন কটোৱা লোকসকলৰ বাবে এমুঠি খাদ্যৰ যোগান ধৰাৰ উদ্দেশ্যে স্থানীয় দল-সংগঠনৰ লগতে মৰাণৰ ব্যৱসায়ী জয়ন্ত গগৈ ওলাই আহিল চহৰখনলৈ ৷

উল্লেখ্যে যে, পদপথৰ লোকসকলক খাদ্য যোগান ধৰাৰ লগতে কৰ্তব্যৰত আৰক্ষী, চিকিৎসা কৰ্মীক আহাৰ যোগান ধৰে ব্যৱসায়ী গৰাকীয়ে ৷ ইফালে, মৰাণৰ কুশল নগৰৰ নিবাসী দুই ভাতৃ নৌচাদ খান আৰু ছাজাদ খানয়েও ক্ৰীড়া সংগঠক মিলু খানৰ সহযোগত মৰাণ থানা আৰু মৰাণহাট আৰক্ষী থানা, মৰাণ আৰু মাহমৰা ৰাজহ চক্ৰৰ কাৰ্যালয়, মৰাণ ৰাজ্যিক চিকিৎসালয় আৰু বিভিন্ন স্থানত কৰ্তব্যৰত আৰক্ষীক খাদ্য যোগান ধৰাৰ লগতে ৰাজহ চক্ৰ বিষয়াক আৰু চিকিৎসক সকলক গামোচা পিন্ধাই ক'ভিড যোদ্ধা(Covid Warrior) হিচাপে সম্বৰ্ধনা জনাই ।

লগতে পঢ়ক: ৰঙিয়াবাসীলৈ সুখবৰ:আদৰ্শ চিকিৎসালয়ত সংযোজিত হ'ল 47 খন ICU

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.