মৰাণ,15 জুন : সম্প্ৰতি ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে গ্ৰাম্য প্ৰধান অঞ্চল ডিব্ৰুগড়ৰ টেঙাখাট অঞ্চলতো কৰ’ণাৰ ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ জীৱন ধাৰণ অতিকৈ দুৰ্বিসহ হৈ পৰিছে ৷ বিশেষকৈ দিন-হাজিৰা কৰা অথবা ক্ষুদ্ৰ ব্যৱসায়ীসকল অধিক ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে ৷ এনে এক দুৰ্যোগৰ সময়ত এইসকল লোকক সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিছে টেঙাখাটৰ এগৰাকী মানৱ দৰদী যুৱক ৰাজীৱ সিংহ বৰা ৷ বিগত পষেকটোত গাঁঠিৰ ধন ভাঙি টেঙাখাটৰ বিভিন্ন ভিতৰুৱা গাঁৱৰ শতাধিক পৰিয়ালক ঘৰে ঘৰে খাদ্য সামগ্ৰী যোগান ধৰিছিল যুৱকজনে ৷
সোমবাৰে টেঙাখাটৰ তিৰলীয়া, চকলিভৰীয়া, পাণধোৱা, সৰু অভয়পুৰীয়া, ন দেওঘৰীয়া, তেলপানী আৰু হাতীবন্ধা আদি গাঁৱত প্ৰায় অৰ্ধ-শতাধিক পৰিয়ালক খাদ্য বস্তু যোগান ধৰে ব্যক্তিজনে ৷ যুৱকজনক সংগ দি উৎসাহিত কৰে টেঙাখাটৰ বিভিন্ন সামাজিক কামত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা একাংশ যুৱকে ৷ ৰাজীৱৰ এনে কাৰ্যৰ শলাগ লৈছে উপকৃত পৰিয়ালসমূহে ৷
লগতে পঢ়কঃ গোলাঘাটৰ উন্নয়নক লৈ ব্যস্ত অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত