ডিব্ৰুগড়,23 জুন: ডিব্ৰুগড় জিলাৰ লেজাইৰ সৌৰভ দাসৰ ৰহস্যজনক মৃত্যুৰ লগত জড়িতৰ অভিযোগত তিনি অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত পুনৰ আমিৰ আলী নামৰ এজন ব্যক্তিৰ লগতে এজন নাবালক জালত পৰে আৰক্ষীৰ ৷ সোধ-পোচৰ অন্তত ঘটনাৰ লগত জড়িতৰ সন্দেহত গ্ৰেপ্তাৰ কৰে আমিৰক ৷ আৰক্ষীয়ে লগতে আৰু কোনো লোক ঘটনাত জড়িতৰ সন্দেহত কিবা তথ্য পালে আৰক্ষীক জনাবলৈ আহ্বান জনাইছে ।
ইফালে,চহৰখনৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভতো আন এজনক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই মঙলবাৰে গ্ৰেপ্তাৰ হোৱা শচীন ৰায়ে ধৰ্ষণৰ ঘটনাৰ গাপ দিবলৈ চেষ্টা কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
লগতে চাওকঃ লক্ ডাউনৰ বাবে দিল্লীৰ প্ৰদূষণ অত্যাধিক মাত্ৰাত হ্ৰাসঃ অধ্যয়ণ কেন্দ্ৰ