ETV Bharat / state

ভয়াৱহ পৰিস্থিতিৰ দিশে ডিব্ৰুগড় চহৰ - মোহনাঘাটৰ ভঙাআলি

ডিব্ৰুগড়ৰ সমীপৰ মোহনাঘাটত ৰিং বান্ধ ভাঙি প্লাৱিত কৰে বাঢ়নী পানীয়ে ৷ ঐতিহাসিক চহৰখনৰ বৰ্তমান দুশ পৰিয়াল আছে পানীৰ তলত । মোহনাঘাটৰ ভঙাআলিৰ সমীপত সৃষ্টি হোৱা এই পৰিস্থিতিৰ ফলত আতংকিত হৈ পৰিছে জন সাধাৰণ ৷

Flood situation of dibrugarh assam etv bharat news
ভয়াৱহ পৰিস্থিতিৰ দিশে ডিব্ৰুগড় চহৰ
author img

By

Published : Jul 10, 2020, 10:01 PM IST

ডিব্ৰুগড়,10 জুলাই: শুকুৰবাৰে নিশা ডিব্ৰুগড়ৰ সমীপৰ মোহনাঘাটত ৰিং বান্ধ ভাঙি প্লাৱিত কৰে বাঢ়নী পানীয়ে ৷ চহৰখনৰ প্ৰায় দুশ পৰিয়াল বৰ্তমান পানীৰ তলত আছে । মোহনাঘাটৰ ভঙাআলিৰ সমীপত সৃষ্টি হোৱা এই পৰিস্থিতিৰ ফলত আতংকিত হৈ পৰিছে জন সাধাৰণ ৷ বাঢ়নী পানীয়ে প্লাৱিত কৰা উক্ত অঞ্চলৰ বাসিন্দাসকলে সম্প্ৰতি ভঙা ৰিং বান্ধতেই আশ্ৰয় লৈছে ৷ বিপদসীমাৰ ওপৰেৰে ব্ৰহ্মপুত্ৰৰ পানী বাগৰিব ধৰাৰ পিচতেই এই পৰিস্থিতি সৃষ্টি হৈছে ।

ভয়াৱহ পৰিস্থিতিৰ দিশে ডিব্ৰুগড় চহৰ

বাঢ়নী পানীয়ে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিলে কেৱল মোহনাঘাট, ভঙাআলি, বগীবিল,মিঞাপট্টিয়েই নহয় চহৰখনৰ আমোলাপট্টি, জপৰাগাঁও, বৰপথাৰ,ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি প্ৰায় সম্পূৰ্ণৰূপে ঐতিহাসিক চহৰখনে বানত ডুব যাব ৷ ইফালে কেইটামান বালিৰ বস্তাৰে ঢাকি ভঙা ৰিং বান্ধেৰে সৰকি অহা পানী ৰোধৰ চেষ্টা চলোৱা দেখা গৈছে বিধায়ক প্ৰশান্ত ফুকনৰ লগতে জলসম্পদ বিভাগৰ কৰ্মচাৰীসকলক ৷

লগতে চাওকঃ কোভিড 19 ত আক্ৰান্ত ৰঞ্জন দৈমাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.