ETV Bharat / state

Dibrugarh University Ragging: ৰেগিংকাণ্ডত অভিযুক্ত পাঁচ ছাত্ৰক জেললৈ

author img

By

Published : Dec 1, 2022, 7:33 PM IST

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ লগত জড়িত সকলৰ বিৰুদ্ধে কঠোৰ হৈ উঠিছে ডিব্ৰুগড় আৰক্ষী (Five Students of Dibrugarh University)। এই পৰ্যন্ত মুঠ পাঁচজন ছাত্ৰক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷

Five Students of Dibrugarh University sent to jail
Dibrugarh University Ragging: ৰেগিং কাণ্ডৰ লগত পাঁচ ছাত্ৰক জেললৈ প্ৰেৰণ

মৰাণ, 1 ডিচেম্বৰ: মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ লগত জড়িত পাঁচ ছাত্ৰক জেললৈ প্ৰেৰণ (Five Students of Dibrugarh University)। ডিব্ৰুগড় আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ পিছদিনাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ পৰা তিনিজন ছাত্ৰ ক্ৰমে প্ৰাণজিত বৰুৱা, নিৰঞ্জন ঠাকুৰ আৰু সীমান্ত হাজৰিকাক আটক কৰিছিল (5 Student sent to jail)৷

ইফালে এই ভয়ংকৰ ৰেগিংকাণ্ডৰ লগত জড়িত শুভ্ৰজিত বৰুৱা মঙলবাৰে নিশা আৰক্ষীৰ জালত পৰিছিল ৷ ইয়াৰ পিছতে বৃহস্পতিবাৰে ৰেগিং কাণ্ডৰ লগত জড়িত দিব্যজ্যোতি গগৈয়ে ডিব্ৰুগড় সদৰ থানাত আত্মসমৰ্পণ কৰে ৷ আত্মসমৰ্পণৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিব্যজ্যোতিক ৷ PNGB ছাত্ৰ নিৱাসত সংঘটিত ভয়ংকৰ ৰেগিংকাণ্ডৰ অন্যতম অভিযুক্ত আছিল দিব্যজ্যোতি ৷

যোৱা 27 নৱেম্বৰৰ পৰা আত্মগোপন কৰি থকা অভিযুক্ত ছাত্ৰজনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল ৷ বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূ-তত্ব বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ দিব্যজ্যোতি (Dibrugarh University Ragging incident)৷ তাৰোপৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিৰ্বাচনৰ সভাপতি পদৰ প্ৰাৰ্থীও আছিল দিব্যজ্যোতি ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱালে বুধবাৰে এক সংবাদমেল যোগে (Press meet at Dibrugarh University) কৈছিল যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰনিবাসত সদ্যহতে সংঘটিত জঘন্য ৰেগিংকাণ্ডৰ সৈতে জড়িত ৪ ছাত্ৰই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে ভাৰতৰ কোনো শিক্ষানুষ্ঠানতে তিনি বছৰলৈকে অধ্যয়ন কৰিব নোৱাৰিব ৷ কিছুদিনৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ অনুশাসন কমিটিয়ে ইতিমধ্যে বহিষ্কাৰ কৰিছে পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ (PNGB hostel) ১৮ ছাত্ৰক (Many students expelled for ragging from DU) ৷পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ পৰা বহিষ্কাৰ কৰা ছাত্ৰকেইজন আছিল গালব ডেকা, নিৰঞ্জন যাদৱ, কল্যাণ দত্ত, সীমান্ত হাজৰিকা, প্ৰাণজিৎ বৰুৱা, চন্দনজ্যোতি বৰা সোণোৱাল, শিৱম শ্ৰফ, পাছাংখাম বৰুৱা, পল্লৱ বৰা, চিত্ৰবন বৰুৱা, নাৰায়ণ অধিকাৰী, নয়নজিৎ ঠেঙাল, মনোৰঞ্জন দাস, মৌচম ফুকন, বিশাল ডেকা, নৱদ্বীপ শৰ্মা, দেৱাশিস বিশ্বাস আৰু অমৰজ্যোতি নাথ৷ ইতিমধ্যে আটাইকে হোষ্টেল খালী কৰাৰ নিৰ্দেশ দিছিল বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ।

উল্লেখ্য যে শনিবাৰে সংঘটিত হোৱা এই ভয়ংকৰ ৰেগিংকাণ্ডৰ (Ragging incident in PNGB hostel) পাচতেই মানসিকভাৱে হতাশ হৈ দুটা মহলৰ ওপৰৰ পৰা জপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আনন্দ শৰ্মা নামৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ ছাত্ৰজন । বৃহস্পতিবাৰে তিনি ঘন্টা ধৰি চলা জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হয় আনন্দ শৰ্মাৰ (Anand Sharma Operation) ৷

আদিত্য নাৰ্চিং হোমত নিউৰ'চাৰ্জনৰ অভিজ্ঞ চিকিৎসক ডাঃ অনিল পান্নালালৰ (DR. Anil Pannalal) নেতৃত্বত পাঁচজনীয়া চিকিৎসকৰ দলে প্ৰায় তিনি ঘন্টা ধৰি জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে ৷ আনহাতে তিনিদিনৰ পিছতে বিছনাৰ পৰা উঠাই দি এসপ্তাহৰ পিছত খোজ কাঢ়িবলৈ দিয়া হ'ব আনন্দক। খুব সোনকালে সুস্থ অৱস্থালৈ উভতিব বুলি প্ৰকাশ কৰিছে আদিত্য নাৰ্চিংহোমৰ স্বত্বাধিকাৰী ডাঃ নিৰ্মল চাহেৱালাই (Owner Dr Nirmal Chahewala) ৷

লগতে পঢ়ক: Anand Sharma Operation: তিনি ঘন্টা ধৰি চলা আনন্দ শৰ্মাৰ জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.