ডিব্ৰুগড় , 14 জুনঃ উজনি অসমত শনিবাৰে মৃত্যু হ’ল প্ৰথমজন কৰ’ণা আক্ৰান্ত ৰোগীৰ ৷ ডিব্ৰুগড় জিলাৰ দিনজান সেনা চাউনিত মৃত্যু ঘটে কোভিড 19 ত আক্ৰান্ত হোৱা এজন সেনা জোৱানৰ ৷ মৃত্য হোৱাৰ পাছতহে জোৱানজনৰ শৰীৰত ধৰা পৰে কোভিড 19 ৰ উপস্থিতি ৷
প্ৰাপ্ত তথ্য মতে, মধুমেহ আৰু উচ্চ ৰক্তচাপ ৰোগত ভুগি থকা জোৱানজনৰ ষ্ট্ৰক হোৱাৰ বাবে ব্ৰেইন হেমাৰেজ হৈছিল ৷ ১১জুনত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় জোৱানজনক ৷ শনিবাৰে চিকিৎসালয়ত জোৱানজনৰ মৃত্যু হোৱাৰ পাছত মৰনোত্তৰ পৰীক্ষাত ধৰা পৰে Covid-19 ৰ অৱস্থিতি ৷ উল্লেখযোগ্য যে, মৃত জোৱানজন সহিতে দিনজান সেনা চাউনিত মুঠ চাৰিগৰাকী জোৱানৰ দেহত পোৱা গৈছে Covid-19 পজিটিভ ৷ অৱশ্যে পূৰ্বৰ ভ্ৰমণ ইতিহাস থকাৰ বাবে সেনা চাউনীৰ ভিতৰতেই কোৱাৰেণ্টাইনত আছিল সেনা বিষয়া কেইগৰাকী ৷ বৰ্তমানলৈকে জোৱান কেইজনৰ পৰিচয় গোপনে ৰাখিছে সেনা কৰ্তৃপক্ষই ৷
লগতে পঢ়কঃ সুশান্ত সিং ৰাজপুতৰ মুম্বাইস্থিত বাসগৃহৰ পৰিস্থিতি