ETV Bharat / state

মৰাণত প্ৰথমগৰাকী ক'ভিড আক্ৰান্তৰ মৃত্যু

author img

By

Published : Apr 26, 2021, 11:20 AM IST

মহামাৰী কৰ’ণাই ভয়াৱহ ৰূপ লৈছে ডিব্ৰুগড় জিলাত ৷ দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে সোমবাৰে ডিব্ৰুগড়ৰ বহ্মপুত্ৰ নাৰ্চিংহোমত প্ৰথমগৰাকী কৰ’ণাক্ৰান্তৰ মৃত্যু হয় ৷

মৰাণত প্ৰথমগৰাকী ক'ভিড আক্ৰান্তৰ মৃত্যু
মৰাণত প্ৰথমগৰাকী ক'ভিড আক্ৰান্তৰ মৃত্যু

মৰাণ,26 এপ্ৰিল: ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে মহামাৰী কৰ’ণাই ভয়াৱহ ৰূপ লৈছে ডিব্ৰুগড়ত ৷ দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে সোমবাৰে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্চিংহোমত প্ৰথমগৰাকী কৰ’ণাক্ৰান্তৰ মৃত্যু হয় ৷ মৰাণ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মৰাণ কুশল নগৰৰ নিবাসী তথা মৰাণ অইল ইণ্ডিয়া লিমিটেডৰ প্ৰডাকচন বিভাগৰ বিষয়া মইনুন্দিন আহমেদে 58 বছৰ বয়সত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি লয় ৷

ইফালে,ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়তো আন এগৰাকী আক্ৰান্তৰ মৃত্যু হয় ৷ মৃত্যু হোৱা লোকজনৰ নাম প্ৰফুল্ল শইকীয়া ৷ 58 বছৰীয়া প্ৰফুল্ল শইকীয়াৰ ঘৰ অসম চিকিৎসা মহাবিদ্যালয় চৌহদত ৷

লগতে পঢ়ক: ভাৰতত নতুনকৈ ৩,৫২,৯৯১ জন কৰ'ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.