মৰাণ, 1 মে': অতিমাৰী কৰ'ণাই সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ মাজতে শুকুৰবাৰে নিশা মৰাণত এক ভয়াবহ অগ্নিকাণ্ড হয় ৷ শুকুৰবাৰে নিশা সংঘটিত এই অগ্নিকাণ্ডত চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ঝলঙৰ যাদৱ ডেকাৰ ঘৰৰ বহু আঁচবাব তথা সম্পদৰ ক্ষতি হয় ৷
অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত পৰিয়ালৰ লোক সকল অৱগত নহয় বুলি জানিবলৈ দিছে ৷ স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন হয় যদিও আন্ধাৰৰ বাবে অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই ৷ ঘটনাস্থলীত মৰাণহাট আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে বিদ্যুৎ বিভাগৰ লোকো আহি উপস্থিত হয় ৷
লগতে পঢ়ক: মৰাণত শুকুৰবাৰ দিনটোত 55 গৰাকীৰ দেহত ক'ভিড পজিটিভ