ETV Bharat / state

ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ড:জুইত জাহ লক্ষাধিক টকাৰ সা-সম্পত্তি - ব্যৱসায়িক প্ৰতিষ্ঠান

বুধবাৰে দুপৰীয়া ডিব্ৰুগড়ত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ ডিব্ৰুগড়ৰ চহৰৰ মাজমজিয়াৰ ক'ল ৰোডত থকা লেপ-তুলি বিক্ৰী কৰা দুখন কাপোৰৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে কঠিন প্ৰত্যাহ্বানৰ মাজৰে এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

fire-at-dibrugarh
ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ড:জুইত জাহ লক্ষাধিক টকাৰ সা-সম্পত্তি
author img

By

Published : Apr 28, 2021, 5:03 PM IST

ডিব্ৰুগড়,28এপ্ৰিল: বুধবাৰে দুপৰীয়া ডিব্ৰুগড়ত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ ডিব্ৰুগড়ৰ চহৰৰ মাজমজিয়াৰ ক'ল ৰোডত থকা লেপ-তুলি বিক্ৰী কৰা দুখন কাপোৰৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড। জানিব পৰা মতে,আব্দুল হাকিম এণ্ড ছনছ নামৰ লেপ তুলি বিক্ৰী কৰা কাপোৰৰ দোকানত প্ৰথমে সূত্ৰপাত হয় জুইৰ । মূহুৰ্তৰ ভিতৰতে সেই জুই বিয়পি পৰাত আনখন দোকানো সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ তদুপৰি জুইৰ কৱলত পৰে দোকানখনৰ কাষতে থকা কে কে ইলেকট্ৰিকেলছৰ কিছু অংশ, সংগীতা কাপোৰ ব্যৱসায়িক প্ৰতিষ্ঠানসহ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ওপৰ মহলাৰ আৱাস গৃহ, জেষ্ঠ অধিবক্তা বজৰং লাল কেজৰিৱালৰ আৱসগৃহ ৷ আনকি অধিবক্তাগৰাকীৰ চেম্বাৰৰ সকলো নথি-পত্ৰ পৰ্যন্ত জুইত জাহ যায় ৷

ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ড:জুইত জাহ লক্ষাধিক টকাৰ সা-সম্পত্তি

আনহাতে,অগ্নিকাণ্ডৰ মাজতে চিলিণ্ডাৰো বিস্ফোৰিত হোৱাত অধিক ভয়াৱহ হৈ পৰে অগ্নিকাণ্ড ৷ ইপিনে,অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনৰ লগতে বিচিপিএল, মৰাণ অইল , দুলীয়াজান অইল, মোহনবাৰী এয়াৰ ফ'ৰ্চ, চাবুৱা এয়াৰ ফ'ৰ্চ আৰু আন আন ঠাইৰ মুঠ 16 খন কৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে কঠিন প্ৰত্যাহ্বানৰ মাজৰে এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ কিন্তু প্ৰায় ডেৰ ঘন্টা ধৰি অব্যাহত থকা অগ্নিকাণ্ডত বৃহৎ মূল্যৰ সা-সম্পত্তিৰ ক্ষতি হয় বুলি জানিবলৈ দিয়ে দোকানৰ স্বতাধিকাৰী গৰাকীৰ লগতে স্থানীয় ৰাইজে

অৱশ্যে এই ভয়াৱহ জুইৰ সূত্ৰপাত ক'ৰ পৰা হ'ল সেই বিষয়ে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক:ভূমিকম্পৰ ফলত মহা মৃত্যুঞ্জয় মন্দিৰত ফাঁট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.