ETV Bharat / state

ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ড - অগ্নিকাণ্ড

ডিব্ৰুগড়ৰ শ্মশানপাৰাৰ ডুগডুগী পথৰ 4 নং ৱাৰ্ডত সংঘটিত হোৱা অগ্নিকাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি চাঞ্চল্যৰ । অঞ্চলটোৰ নিবাসী বল্লাড পালৰ পুত্ৰ বিনয় পালৰ ওপৰ মহলাৰ ঘৰটো সম্পূৰ্ণৰূপে অগ্নিকাণ্ডত জাহ যায় ।

ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ড
ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ড
author img

By

Published : Mar 24, 2021, 7:13 PM IST

মৰাণ,24 মাৰ্চঃ ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ড । চহৰখনৰ শ্মশানপাৰাত সংঘটিত হৈছে এই অগ্নিকাণ্ড । শ্মশানপাৰাৰ ডুগডুগী পথৰ 4 নং ৱাৰ্ডত সংঘটিত হোৱা অগ্নিকাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি চাঞ্চল্যৰ । অঞ্চলটোৰ নিবাসী বল্লাড পালৰ পুত্ৰ বিনয় পালৰ ওপৰ মহলাৰ ঘৰটো সম্পূৰ্ণৰূপে অগ্নিকাণ্ডত জাহ যায় । লগে লগে স্থানীয় লোকে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও ইতিমধ্যে ঘৰটোৰ সকলো সা-সম্পত্তি জ্বলি ভষ্মীভূত হৈ পৰে ।

অৱশ্যে অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় লোকে জুই আন স্থানলৈ বিয়পাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । স্থানীয় লোকে পূজাঘৰৰ মাটিৰ চাকিৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে, যদিও নিশ্চিত হোৱা নাই অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ । অগ্নিকাণ্ডটোৰ ফলত কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ অনুমান কৰা হৈছে ।

লগতে পঢ়কঃ কেনেকৈ সম্ভব হ’ব বিজেপিৰ মিছন ১০০+

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.