ডিব্ৰুগড়,9 ডিচেম্বৰ: মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংৰক্ষিত ভূমিত দোকান দিয়াক লৈ উত্তেজনাময় পৰিৱেশ ৷ মৰাণ চহৰৰ মাজেদি পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিদিনে সৃষ্টি হয় তীব্ৰ যানজঁট । চহৰখনত সৃষ্টি হোৱা যানজঁট কিছু পৰিমাণে কম কৰিবলৈ বহু বছৰ ধৰি মৰাণৰ সচেতন ৰাইজ আৰু দল-সংগঠনে ঘাইপথচোৱা বহল কৰি সৌন্দৰ্যবৰ্ধন কৰাৰ দাবী জনাই আহিছিল । দাবী অনুযায়ী কিছু পৰিমাণে কাম হোৱাও পৰিলক্ষিত হৈছিল(Fight between businessmen and union leaders in Moran) ।
কিন্তু মৰাণ চহৰৰ মাজমজিয়াত সৌন্দৰ্যবৰ্ধন আৰু ঘাইপথৰ সংৰক্ষিত ভূমিত এতিয়াও কিছু লোকে বিভিন্ন ব্যৱসায় আৰম্ভ কৰাত পুনৰ আৰম্ভ হৈছে তীব্ৰ যানজঁট । এই ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ বাবে এতিয়া চহৰখনৰ মাজত বাহন ৰাখিবলৈ ঠাইৰ অভাৱ হৈ পৰিছে । এই সমস্যাৰ কথা স্থানীয় প্ৰশাসনক দল-সংগঠন আৰু সচেতন ৰাইজে জনাই আহিছে যদিও এই অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে মৰাণৰ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বৃহস্পতিবাৰে নিশা মৰাণ চহৰ মাজমজিয়াত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ ।

মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংৰক্ষিত ভূমিত দোকান দিয়াক লৈ ব্যৱসায়ী আৰু সংগঠনৰ নেতাৰ মাজত সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডাৰ ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংৰক্ষিত ভূমিত দোকান দিয়াত বিভিন্ন দল-সংগঠনে বাধা দিয়াৰ চেষ্টা কৰাতেই ব্যৱসায়ী সকলৰ সৈতে সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিৱেশৰ । মৰাণ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।
এই ঘটনাৰ পাছতে আজি মৰাণৰ চক্ৰ বিষয়া গৰাকীক মৰাণৰ দল-সংগঠন সমূহে বিষয়টো সন্দৰ্ভত সমাধান বিচাৰি স্মাৰক পত্ৰ প্ৰদান কৰে ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংৰক্ষিত ভূমিত দোকান দিয়া ব্যৱসায়ী সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মৰাণৰ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে ৰাইজক আশ্বাস প্ৰদান কৰিছে । ইতিমধ্যে জিলা উপায়ুক্তকো বিষয়টো সন্দৰ্ভত অৱগত কৰা হৈছে বুলি জানিব পৰা গৈছে(Sent memorandum to circle officer for 37 NH) ।
লগতে পঢ়ক: Gujrat election 2022: আপ চলি আছে বিজেপিৰ এজেণ্ডাত