ETV Bharat / state

Father request ulfa chief: আলফা স্বাধীনৰ বিহুৰ ভিডিঅ’ই কান্দোনৰ ৰোল তুলিছে এখন ঘৰত

"মোৰ ল'ৰাটো অসুস্থ, তাক ঘৰলৈ ঘূৰাই পথাওক ।" সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) চমুকৈ আলফা(স্বাঃ)ৰ ৰঙালী বিহু উদযাপন কৰা এটি বিশেষ ভিডিঅ'ত নিজৰ একমাত্ৰ পুত্ৰ দেখি এনেদৰে কাতৰ আহ্বান জনালে এগৰাকী পিতৃয়ে (Father request ulfa chief to send back his son) ।

Father request ulfa chief to send back his son
একমাত্ৰ পুত্ৰক ঘূৰাই পথাবলৈ পিতৃৰ কাতৰ আহ্বান পৰেশ বৰুৱালৈ
author img

By

Published : Apr 18, 2023, 8:44 PM IST

একমাত্ৰ পুত্ৰক ঘূৰাই পথাবলৈ পিতৃৰ কাতৰ আহ্বান পৰেশ বৰুৱালৈ

মৰাণ, ১৮ এপ্ৰিল: ৰঙালী উচাহত মতলীয়া ৰাজ্যবাসী । পৰম্পৰা ৰক্ষা কৰি ৰঙালী বিহুৰ আনন্দ বুটলিলে সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) (United Liberation Army Assam) চমুকৈ আলফা(স্বাঃ)ৰ সেনানীয়েও । সোমবাৰে এক ইমেইলযোগে আলফা স্বাধীনৰ তৰফৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল ৰঙালী বিহু উদযাপনৰ এটা বিশেষ ভিডিঅ’ (ULFA celebrated Bihu) ৷ যি ভিডিঅ’ত কোনো অজ্ঞাত স্থানত সংগঠনটোৰ সদস্যই বিহুগীত আৰু হুঁচৰি গোৱা দেখিবলৈ পোৱা গৈছিল (Bihu in ULFA camp) ৷

সেই বিশেষ ভিডিঅ’টোৰ দেখাৰ পাচতেই কান্দোনৰ ৰোল উঠিছে মৰাণৰ এটা পৰিয়ালত । কাৰণ সেই ভিডিঅ’তে দেখা পালে তেওঁলোকৰ একমাত্ৰ পুত্ৰক । জানিবপৰামতে, ডিব্ৰুগড় জিলাৰ মৰাণৰ এজন উদীয়মান কণ্ঠশিল্পীয়ে প্ৰায় এবছৰ পূৰ্বে মোবাইল মেৰামতি কৰো বুলি ঘৰৰ পৰা ওলাই গৈছিল । সেই দিন ধৰি মৰাণৰ ২ নং চৰাইহাবি গাঁৱৰ নিবাসী তথা পেচাত এগৰাকী শিক্ষক উচ্চকমল বড়াৰ একমাত্ৰ পুত্ৰ অভিলেষ বড়াৰ কোনো সন্ধান নাই । সোমবাৰে আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ বিহু হুঁ‌চৰিৰ ভিডিঅ’টো সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিচতে মৰাণৰ ২ নং চৰাইহাবিৰ এই পৰিয়ালটোত কান্দোনৰ ৰোল উঠিছে (Father request ulfa chief to send back his son) ।

খোৱা-বোৱা নোহোৱা হৈছে পৰিয়ালটোৰ লোকসকলৰ । ভিডিঅ’টোত হুঁ‌চৰি জোৰা কেডাৰজন তেওঁলোকৰ অভিলেষ বড়া বুলি চিনাক্ত কৰিছে পৰিয়ালটোৱে । মৰাণ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা অভিলেষ আছিল এগৰাকী উদীয়মান কণ্ঠশিল্পীও । বিভিন্ন স্থানত তেওঁ সংগীত পৰিৱেশনো কৰিছল ।

ইফালে প্ৰায় অসুস্থ হৈ থকা অভিলেষক সংবাদ মাধ্যমত দেখি পিতৃয়ে কান্দি কান্দি পৰেশ বৰুৱালৈ আহ্বান জনায়, "মোৰ ল'ৰাটো অসুস্থ হৈ আছে । সি আগতকৈ ক্ষীণাইছে । তাক ঘৰলৈ ঘূৰাই পথাওক । সি নথকাত আমি শান্তিৰে ভাত এসাঁজ খাব পৰা নাই । মাকেও মাজে মাজে কান্দি থাকে, মইও অসুস্থ, তাৰ ল'ৰাটোত স্কুলত দিব লাগে ।" তুমি ঘৰলৈ ঘূৰি আহা বুলি পুত্ৰক কাতৰ আহ্বান জনালে পিতৃয়ে ।

উল্লেখযোগ্য যে, অভিলেষৰ পিতৃ-মাতৃৰ লগতে পত্নী আৰু এটি পুত্ৰ সন্তান আছে । ইয়াৰ পূৰ্বে মাঘ বিহুত মাস্ক পিন্ধি তেওঁ বিহু গোৱা ভিডিঅ’ পৰিয়ালটোৱে দেখিছিল । সেইবাৰ ভালকে ধৰিব পৰা নাছিল যদিও সোমবাৰে সংবাদমাধ্যমত প্ৰচাৰ হোৱা ভিডিঅ’টোত সম্পূৰ্ণ চিনিব পাৰিলে অভিলেষক ।

লগতে পঢ়ক: Drugs seized in Bokajan : বোকাজানত ড্ৰাগছসহ আৰক্ষীৰ জালত দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.