ETV Bharat / state

ডিব্ৰুগড়ত কৃষি আইনৰ বিৰুদ্ধে একাধিক সংগঠনৰ পথ অৱৰোধ

author img

By

Published : Jan 7, 2021, 3:49 PM IST

‌চিআইটিইউ,ডিৱাইএফআই,অসম ৰাজ্যিক কৃষক মহা সভা,চিপিআই,CPIM (L)কে ধৰি বহু সংখ্যক দল সংগঠনৰ দুই শতাধিক কৰ্মী তথা বিষয়ববীয়াই কৃষি আইনৰ বিৰুদ্ধে কান্ধত নাঙল-জোৱলি লৈ ডিব্ৰুগড়ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

ডিব্ৰুগড়ত কৃষি আইনৰ বিৰুদ্ধে একাধিক সংগঠনৰ পথ অৱৰোধ
ডিব্ৰুগড়ত কৃষি আইনৰ বিৰুদ্ধে একাধিক সংগঠনৰ পথ অৱৰোধ

ডিব্ৰুগড়,7 জানুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ সংসদৰ মজিয়াত গৃহীত কৰা তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে ইতিমধ্যে দেশজুৰি কৃষক বিদ্ৰোহৰ আৰম্ভ হৈছে ৷ তাৰ সমান্তৰল ভাবে বৃহস্পতিবাৰে ডিব্ৰুগড়তো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক শ্ৰমিক সংগঠন সমূহে ৷ ‌চিআইটিইউ, ডিৱাইএফআই, অসম ৰাজ্যিক কৃষক মহা সভা,চিপিআই,CPIM (L) কে ধৰি বহু সংখ্যক দল সংগঠনৰ দুই শতাধিক কৰ্মী তথা বিষয়ববীয়াই কৃষি আইনৰ বিৰুদ্ধে কান্ধত নাঙল-জোৱলি লৈ ডিব্ৰুগড়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে নতুন কৃষি আইন বাতিল কৰক,নৰেন্দ্ৰ মোদী মুৰ্দাবাদ,বিজেপি চৰকাৰ হায় হায়,কৃষি আইন নামানো আদি শ্ল’গান দি প্ৰতিবাদস্থলী উত্তাল কৰে তুলে ।

ইপিনে পথ অৱৰোধ কৰি থকাৰ সময়তে প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হোৱাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে । তাৰ পাছতে আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত হতাহতি তথা খণ্ড যুদ্ধৰো সৃষ্টি হয়। আৰক্ষীয়ে একাধিক প্ৰতিবাদকাৰীক ৰাজপথৰ পৰা চোঁচৰাই নি আটক কৰি থানালৈ গাড়ীৰেৰে লৈ যায়। ইপিনে বহু কেইগৰাকী মহিলাই আৰক্ষীৰ গাড়ীত উঠিবলৈ অমান্তি হোৱাত খোজেৰে সমদল উলিয়াই থানালৈ যায় । আনহাতে শ্ৰমিক আইন বাতিল নকৰা পৰ্যন্ত ধাৰাবাহিক আন্দোলন চলাই যোৱাৰ হুংকাৰ প্ৰদান কৰে কৃষক শ্ৰমিক সংগঠন সমূহে ।

লগতে পঢ়কঃ অখিল গগৈৰ জামিন নাকচ: জাহ্নু বৰুৱাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.